পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পদ্য ভাগ
বিশ্ব-খনিকৰ

 খনিকৰ = খনন বা খোদাই কাম কৰে যি, শিল্পী, গঢ়োঁতা। বিশ্ব-খনিকৰ= বিশ্বগঢ়োতা, সৃষ্টি কৰ্ত্তা। যদ্যিাতো = যদিও ত্ৰিলোক= ত্ৰিলোকৰ সমাহাৰ (দ্বিগু); স্বৰ্গ, মৰ্ত্য পাতাল। আলাসতে = শূন্যতে, আকাশতে। কৃপা-জৰি= অমুগ্ৰহ বা মৰমৰ ডোল। মৰু=মণশীল, মৰুভূমিৰ তুল্য। ওৰ-পাৰ=ওৰ যি পাৰ ( কৰ্ম ধাঃ ); শেষ, অন্ত। যথাঠৰ = = লৰচৰ নকৰা, থৰ লাগি থকা। বাই=বজাই। সেয়ে = সেই কাৰণেই। খেপিয়ালে = বিচাৰি চালে। কুঁহি=কোমল গজালি, অঙ্কুৰ। পমা, চিচু, পাৰলী = একোবিধ ডাঙৰ গছ। এমাডিমা=একেবাৰে কোমল, অজলা, ( কণীৰ পৰা ওলোৱা )৷ বাজিকৰ = খেলা কৰোঁতা, যাদু- খেল দেখুৱাওঁতা। কাৰিকৰ = কাৰুকাৰ্য্য বা শিল্প কৰ্ম্ম কৰোঁতা, শিল্পী। অন্তৰ্যামী = অন্তৰৰ ভাব জানোতা। সৰ্বজান =সকলোকে জনা। সৰ্বব্যাপী = সকলোতে বিয়পি থকা। সৰ্বদৰ্শী=সকলোকে দেখোঁতা। সৰ্বশক্তিমান=সকলো শক্তিৰ আধাৰ, সকলো ক্ষমতা থকা।

সৰলাৰ্থঃ—

 ১৷ তেৱেঁ জ্ঞানী, তেৱেঁ জ্ঞান, তেৱেঁ তীখা, তেৱেঁ শাণ।— জ্ঞান আৰু জ্ঞানীক শাণ আৰু তীখাৰ লগত তুলনা কৰিছে। শাণেৰে তীখাৰ অস্ত্ৰক চোকা কৰা হয়; সেইদৰে ঈশ্বৰৰ জ্ঞানৰ