পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া সাহিত্য সংগ্ৰহৰ

চমু টোকা ।


গদ্যভাগ।

ৰামায়ণ।

 ৰামায়ণ = ৰাম+অয়ন (থকা ঠাই ); যি পুথিত ৰামৰ চৰিত্ৰ লিখা আছে। বাস্তৱ =বস্তু সম্বন্ধীয়, অস্তিত্ব থকা। নিদৰ্শন = (নি—দৃশ্ + অনট্) প্ৰমাণ, চিন, উদাহৰণ। ধৰ্ম্ম-বিপ্লৱ = ধৰ্ম্ম সম্পৰ্কীয় কাজিয়াৰ পৰা হোৱা যুদ্ধ। গৰিমা=গুৰু+ইমন্ — গৰিমন্ ১ মাৰ ১ বচন গৰিমা; গৌৰব৷ আখ্যান=গল্প, সাধুকথা, উপাখ্যান, কাহিনী ৷ উপাখ্যান = পুৰণি সঁচা ঘটনাৰ বিৱৰণ বা মনে সজা সাধুকথা। সংস্কৃতি=সম্+কৃতি; ধৰ্ম্ম-নীতিৰে সমাজ শুদ্ধ কৰা। গুটীয়া = গোট+ ঈয়া;=বেলেগ, পৃথক। কাণ্ড= পুথিৰ ভাগ বা খণ্ড ৷ কথোপকথন= কথা+উপকথন; দুই বা অধিকজনৰ কোনো বিষয়ৰ আলাপ আলোচনা।

 কৃতজ্ঞ= উপকাৰৰ শলাগ লোৱা। সত্য-পৰায়ণ = সত্যত মতি থকা। সৰ্ব্বভূত=সকলো জীৱ। আত্মসংযমী=নিজৰ মনক দমাই ৰাখোঁতা। ক্ৰোধজিৎ=খং দমন কৰোঁতা। বিৰাট=প্ৰাকাণ্ড, ডাঙৰ। নিষ্ঠুৰ=নিৰ্দ্দয়, নিমৰমিয়াল । অতৰ্কিতে =তৎ বা গম নোপোৱাকৈ। মৰ্ম্মান্তিক=মৰ্ম্ম ( কলিজা )+অন্তিক ( শেষ কৰা ); অন্তৰত বৰকৈ শোক দিয়া । মৰ্ম্ম = ভাব, তত্ত্ব, সাৰ কথা।