পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শংখ বণিক জাতক

গতি-প্ৰাণা আছিল। পতিৰ অপমান তেওঁৰ প্ৰাণভ বৰকৈ বাজিছিল। সেয়েহে পতি যুদ্ধলৈ ওলোৱাত তেৱোঁ হকা-বধা নামানি যুদ্ধলৈ গৈ অসীম সাহ বিক্ৰমেৰে ৰাজসেনাক পৰাজয় কৰি ৰণচয় কৰিছিল। ইয়াত তেওঁৰ বাহ বলক পুৰুষতকৈও এখোপ চৰাহে বুলিব পাৰি।

 ২। সেই কাৰণেই ৰাধা-ৰুক্মিণী.........ধাৰণ কৰিছিল। হৃদয়ত অগাধ স্বামীভক্তি থকা কাৰণেই হৃদয়ৰ বলেৰে বলিষ্ঠা হৈ ৰাধা ৰুক্মিণী যুদ্ধ ক্ষেত্ৰলৈ গৈছিল; তিৰোতা জাতি পুৰুষতকৈ দুৰ্বল হ'লেও তেওঁ যুদ্ধ ক্ষেত্ৰত সবলাৰ কাৰ্য্য দেখুৱাব পাৰিছিল; তিৰোতা জাতি শাৰীৰিক গঠনত মৃণালৰ নিচিনা কোমল হ'লেও তেওঁ ৰণস্থলীত শমীধ গছৰ নিচিনা কঠিন ৰূপ ধাৰণ কৰিৰ পাৰিছিল।

শংখ বণিক জাতক

 পাৰমিত! =  নিৰ্বান = নুমাই যোৱা, পুৰ্ণজন্ম নোহোৱা, একেবাৰে মুক্তি। শ্ৰেষ্ঠী=সাউদ, সদাগৰ। ধন-কু বেৰ =কুবেৰ ধনৰ অধিপতি দেৱতা; ধনত কুবেৰৰ তুল্য ( অস্ত্যপদলোপী কৰ্মধা॥ প্ৰগাঢ় = অতি ঘনিষ্ঠ। দৈৱ দুৰ্বিপাক =বিধি বা ঈশ্বৰৰ ইচ্ছা, দুৰ্ভাগ্য। ৰাজকোষ = ৰাজ- ভাঁড়াল। সৰ্বস্বান্ত = সৰ্বস্ব + অন্ত; সকলো সম্পত্তি শেষ। ‘অশেষ। সদ্যহতে =সম্প্ৰতিকৈ, বৰ্তমানে। কোপ=খং। বিষাদ= বেজাৰ, দুখ। হায়ৈ বিয়ৈকৈ = চিঞৰি চিঞৰি। সম্ভেদ = তত্ত্ব। দাস = চাকৰ, গোলাম। আথে বেথে = মৰম চেনেহেৰে