পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সাহিত্য সংগ্ৰহৰ চমু টোকা

পোৱাপুই সমুখা-সমুখি। তুমুল = ডাঙৰ, ভয়ঙ্কৰ। নিনাদিত = কোঢ়ালিত অভেদ্য = ভেদিব বা সৰকাব নোৱাৰা। ব্যুহ = বেঢ় সৈন্যেৰে গঢ়া বেৰ। ছাটি= আগুৰি, ঢাকি। জনৰৱ = মানুহৰ মুখে মুখে বিয়পি পৰা খবৰ। ৰণ চণ্ডী = অসুৰেৰে ৰণ কৰা দুৰ্গাদেৱী। একোপধ্যে = কোনো উপায়েৰে। অমানুষিক = মানুহৰ নহয় যি (বিশেষণ)। অগাধ অতি বেছি। সবলা = বলযুক্তা (খ্ৰীং)। মৃণাল – মোলান, মাটিৰ তলত থকা পদুমৰ ডাঙৰ ঠাৰি বা শিপা।

মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ:—
 (১) ৰাঘৱ মৰাণৰ প্ৰতি কীৰ্ত্তিৰ্চদ্ৰ বৰবৰুৱাৰ অপমান।
 (২) মোৱাৰীয়া মহত্তৰ প্ৰতি কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ অপমান।
 (৩) মোহনমালা গোহঁ৷ইদেৱৰ প্ৰতি ৰাজেশ্বৰ সিংহৰ অপমান।

প্ৰশ্ন:—১। ৰাধা-ৰুক্মণী কোন? তেওঁৰ সতীত্বৰ বিষয়ে কি

জানা লিখা।

 ২। কি কথাক ভিত্তি কৰি কি প্ৰকাৰে মোৱামৰীয়া

বিলাকে যুদ্ধ জয় কৰিলে?

সৰলাৰ্থঃ—

 ১। হৃদয়ৰ বলত বলিষ্ঠা৷ হৈ............প্ৰভেদ নাথাকে। স্বামীভক্তি পতি-পৰায়ণা তিৰোতাৰ হৃদয়ৰ শ্ৰেষ্ঠবল। যেতিয়া তিৰোতা এই বলেৰে বলিষ্ঠা হৈ কোনো কামলৈ আগ বাঢ়ে, তেতিয়া পুৰুষ তিৰোতাৰ ভিতৰত একো প্ৰভেদ নাথাকে। পুৰুষে যি সাহ-বল শক্তি-কৌশল দেখুৱাব পাৰে, তিৰোতায়ো সেই সাহ-বল শক্তি-কৌশল দেখুৱাব পাৰে। কীৰ্ত্তিচদ্ৰ বৰবৰুৱাৰ দ্বাৰা অপমানিত হোৱা ৰাঘৱ মৰাণৰ পত্নী ৰাধা ৰুক্মিণী অতি