পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাৰস্যত কবি হাফেজ

তললৈ নমা। কুসংস্কাৰ = বেয়া নিয়ম, ভুল ধাৰণা; সম্ + কাৰ= সংস্কাৰ। দুৰদৰ্শিতা = গভীৰ জ্ঞান, দকৈ ভবা, ভবিষ্যতৰ ফল দেখা (বিশেষ্য)। মনিষী=জ্ঞানী। মোল =আদৰ। চতুৰ্দশ চতুঃ + দশ; চতুঃ (চাৰি) অধিকদশ (মধ্যপদলোপী কৰ্মধাঃ); চৈধ্য। অধ্যয়ন = পঢ়া। মৰ্ম্ম = তত্ব, ভিতৰৰ কথা। চৰ্চ্চা =শিক্ষা, আলোচনা। ৰাপ = হেঁপাহ, আগ্ৰহ। চুফী – ধৰ্ম্মজ্ঞানী, সাধু, [ঈশ্বৰৰ ভক্ত। উপলব্ধি =অনুভৱ, ঠাৱৰকৰা, মনেৰে ধৰিব পৰা। সম্পদ = সুখৰ আহিলা, সম্পত্তি। অনুদিত = অনুবাদ বা ভাঙনি কৰা। মুক্ত কণ্ঠে = মুক্ত—মুকলি, কণ্ঠ—গল বা ডিঙি; খোলা কথাৰে, অন্তৰেৰে। সৃষ্টি কৰ্ত্তা =ঈশ্বৰ। দাপোণ—আৰ্চী। মানৱীয় = মানৱ জীৱন সম্বন্ধীয়। উপলক্ষ্য = আচল লক্ষ্য নহয়, পাৰ্থিৰ =পৃথিবী+ষ্ণ; পৃথিবী সম্বন্ধীয়, সাংসাৰিক। নিৰঞ্জন = নিঃ+অঞ্জন; মলি নোহোৱা, নিৰ্মল। সমগ্ৰ = গোটেই। ঐশ্বৰিক = ঈশ্বৰ + ষ্ণিক; ঈশ্বৰ সম্বন্ধীয়। দাৰ্শনিক = দৰ্শন + ষ্ণিক; ঈশ্বৰ তত্ব দেখা৷ অসাৰতা = সাৰশূন্যতা, সাৰনোহোৱা। অপূৰ্ব্ব = আচৰিত, আগেয়ে নোহোৱা। সংযোজন = সংযোগ বা সন্মিলন।

 প্ৰশ্ন:—১। কবি হাফেজে ঈশ্বৰ আৰু মানৱ জীৱন সম্বন্ধে কেনে বিশ্বাস কৰে? আৰু সেই সম্বন্ধে কি কথা কৈছে?

 ২। কবি হাফেজৰ দেৱানৰ ( কাব্য গ্ৰন্থৰ ) বিষয় বস্তু বা মূল- ভাব কি?

প্ৰতিজ্ঞা

 হেলাৰঙ্গে = অনায়াসে, সহজে, কম পৰিশ্ৰমতে। কষ্টদায়ক = কষ্ট দিয়ে যি (বহুব্ৰীহি ); দুখলগা, কষ্ট পোৱা৷ উদ্‌গতি = উৎ—