পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য সংগ্ৰহৰ চমু টোকা

উছৰ্গিছিল=সপি দিছিল। যশস্বী =যশস্ + বিন্ যশস্বিন্— ১মাৰ একবচন; সুখ্যাতিৰ পাত্ৰ, খ্যাতিমান। দুৰ্যশ = দুঃ + যশ, কুখ্যাতি, কুনাম। লোতক – চকুলো। আজ্ঞা = আদেশ, হুকুম। সংশয় = সন্দেহ। অধ্যাপক = শিক্ষক, যিজনে পঢ়ায়। অৰাজক = ৰজা নাই য'ত বা যি ৰাজ্যত (বহুব্ৰীহি )। স্বপ্ৰধান = নিজে নিজে ডাঙৰ, মই মতীয়া, স্বেচ্ছাচাৰী। শঙ্কিত = ভয়যুক্ত, ভয়াকুল। জ্যেষ্ঠ= শ্ৰেষ্ঠ, ডাঙৰ। বহুদৰ্শী =জ্ঞানী (বিশেষণ)। সমুচিত= উপযুক্ত। উপালম্ভ – ঠাট্টা-বিদ্ৰুপ। নিঃকিন—একেবাৰে দুখীয়া

সৰলাৰ্থঃ—

 ১৷ তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ আদি নাই।— পৰমেশ্বৰৰ পৰাই সকলো উদ্ভৱ হৈছে বা তেওঁ সকলোৰে জন্মৰ কাৰণ; এতেকে তেওঁ সকলোৰে আদি। কিন্তু তেওঁ সেইদৰে কাৰো পৰা উদ্ভৱ হোৱা নাই; অনাদি কালৰ পৰা তেওঁ আছে; এতেকে তেওঁৰ আদি নাই।

 ২। তাত সকলো মানুহে স্বপ্ৰধানহৈ......আচৰণ কৰে।— ৰজা নোহোৱা ৰাজ্যত সকলো মানুহ মইমতীয়া, নিজে নিজক ডাঙৰ বুলি ভাবে; আৰু আপোন ইচ্ছা মতে কাম কৰি ফুৰে।

প্ৰশ্নঃ- আমাৰ সন্মানৰ পাত্ৰ কোন বিলাক? কি কি কাৰণত আমি সিবিলাকক সন্মান কৰিব লাগে?

পাৰস্যৰ কবি হাফেজ

 প্ৰভাৱ = ক্ষমতা, শক্তি। বিস্তাৰ = বিয়পা। উন্নতি =উৎ+ নতি (নম্ +ক্তি); ওপৰলৈ উঠা। অৱনতি = অৱ—নম্+ক্তি;