পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ কবলগীয়া।

 একেৰাহে ডেৰকুৰি বছৰ এম-ই, এম,-ভ়ি, আৰু হাইস্কুলত অসমীয়া বিষয় শিক্ষা দি আৰু কেবা বছৰ মজলীয়া খাপৰ পৰীক্ষাৰ অসমীয়া বিষয়ৰ উত্তৰ-কাকত পৰীক্ষা কৰি উক্ত বিষয়ত অধিক সংখ্যক ছাত্ৰ অনুত্তীৰ্ণ হোৱাৰ কাৰণ ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ। তালৈ লক্ষ ৰাখি নতুনকৈ ওলোৱা অসমীয়া সাহিত্য- সংগ্ৰতৰ এই অৰ্থ পুথিখান যুগুত কৰিলে৷ ‍। প্ৰত্যেকটো পাঠৰ য’ত যি দৰ্কাৰ তাক ইয়াত দিয়া হৈছে। ল'ৰাই নজনাকৈ পাঠ্য় পঢ়াৰ সময়ত ইয়াকে খুলি ল’লেই পাঠটো সহজে আয়ত্ব কৰিব পাৰিব। কিছুমান বাখ্যামূলক কথা সৰল ভাঙনি কৰিয়ে থোৱা হৈছে। আৱশ্যক মতে ল'ৰাই আঁতিগুৰি লগাই ল’লেই সি ব্যাখ্যা হৈ পৰিব। উত্তৰ কাকতত ল'ৰাৰ ব্যাখ্যা চাই হতাশ হব লাগে। তেওঁলোকে আমাৰ ব্যাখ্যালৈ লক্ষ্য কৰিলেই ব্যাখ্যা কৰাৰ নিয়ম নীতি ভালদৰে বুজিব পাৰিব।

 মূল পুথিৰ দুই চাৰিটা প্ৰশ্ন আকাৰে সহজ কথা আৰু ওপৰঞ্চিৰ কিতাপ চাই সহজে থিৰ কৰিব পৰা প্ৰশ্ন ল’ৰাসকললৈ থোৱা হৈছে। ব্যাকৰণ আৰু ৰচনাৰ প্ৰশ্ন কেনে ধৰণৰ হব পাৰে আৰু কি প্ৰশ্নৰ কেনে উত্তৰ লিখিব লাগে তাক দেখুৱাটোৱে ওপৰঞ্চিৰ উদ্দেশ্য।

 এই ক্ষুদ্ৰ পুথিখনি মৰমৰ ছাত্ৰসকলৰ সহায়ত আহিলে আৰু ই শিক্ষক বন্ধুসকলৰ মনোযোগ আকৰ্ষণ কৰিলে আমাৰ শ্ৰম সাৰ্থক মানিম। ইতি-

‘লিখক’