পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
সাহিত্য সংগ্ৰহৰ চমু টোকা

ভালদৰে পৰিষ্কাৰ হোৱা, নিৰ্দ্দোষ। সদ্বিবেচক = সৎ+বিবেচক; ভালদৰে বিবেচনা কৰিব পৰা। সামাজিক= সমাজ + ফিক্‌; উপযুক্ত সমজুৱা বা সমাজ নেতা। লোকৰঞ্জন = জনপ্ৰিয়, মানুহক আনন্দ দিওঁতা। সুৰুচি; সম্পন্ন = উদাৰ মনৰ। প্ৰিয়-দৰ্শন = শুৱনি, দেখিবলৈ সুন্দৰ। বৈশিষ্ট = বিশেষত্ব, শ্ৰেষ্ঠতা। লনিকৈ = ধুনিয়াকৈ। সম্ভ্ৰান্ত =সন্মানী। সন্মানিত ৰূপে = মান ৰাখি, সন্মানেৰে। বাগ্মী = বক্তা, ভালকৈ বক্তৃতা দিব পৰা। ৰসজ্ঞ =ৰসজনা, সোৱাদ পোৱা। বুৎপত্তি =বি- উৎপত্তি, বিশেষৰূপে ওপজা জ্ঞান। অনৰ্গলকৈ = অৰ্গল বা -হেঙাৰ নোহোৱাকৈ, নবজাকৈ সৰসৰীয়াকৈ। যথাযোগ্য = উপযুক্ত; যোগ্যৰ যথা (অব্যয়ীভাৱ)৷ সৌজন্তপূৰ্ণ = সাধুতাপূ্ৰ্ণ; সুজন +ষ্ণ্য়। সিদ্ধহস্ত = পাৰ্গত, পটু; সিদ্ধহৈছে হস্ত যাৰ ( বহুৱীহি )। কায্য় কুশলতা = কামৰ পাৰ্গতালি। অনুকৰণীয় = অনুকৰণ কৰিব লগীয়া, আৰ্হিৰ যোগ্য। ঐকান্তিকতা =একাগ্ৰতা, হেঁপাহ, এক বিষয়ত একমনে লগা। পৰিস্ফুটিত =ফুলি উঠা, মুকলি হোৱা। লিপ্ত= লাগি থকা, সংযোগ। অক্লান্ত =ক্লান্ত বা অস্থিৰ নোহোৱা, ভাগৰি নপৰা।

 দেশভক্ত ফুকনৰ অসমীয়ালৈ দান ( চিৰস্মৰণীয় কাম );--

১। দ্ৰেশবাসীৰ মনত কংগ্ৰেছী ভাবৰ (স্বাধীনতাৰ) সোঁত বোৱালে। ২। প্ৰধান নেতাৰূপে কংগ্ৰেছৰ কাম চলালে। ৩৷ বিদেশী বস্তুৰ বৰ্জন শিকালে। ৪। কংগ্ৰেছী দলৰ বল বঢ়ালে। ৫। কংগ্ৰেছৰ স্বাৰ্থত্যাগ নীতিৰ জ্বলন্ত উদাহৰণ দেখুৱালে। ৬। অসমত কংগ্ৰেছ মহাসভা বহুৱালে। ৭। ভাৰতীয় কংগ্ৰেছত অসমৰ নাম জ্বল৷লে।


দেশভক্ত ফুকনৰ আংশিক জীৱনীঃ—

শিক্ষা—গুৱাহাটীত এণ্টে্ৰেন্স পাছ কৰি কলিকতাত বি, এ, পঢ়ে; কি, এ,

 পৰীক্ষা নিদিয়াকৈ বিলাতলৈ গৈ বেৰিষ্টাৰী পৰীক্ষা পাছ কৰে।