পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সাহিত্য সংগ্ৰহৰ চমু টোকা।

গৰুকে তাৰ জ্ঞান বিবেক নোহোৱা কথালৈ নাভাবি নিৰ্ম্মম ভাবে মাৰ-পিট কৰা আৰু হাড়ভঙা বোজা তুলি দি নিৰ্দয় আচৰণ কৰা দেখা যায়। এতেকে পূজা কৰিলেই দয়ালু হোৱা নাযায়।

 ৫। ব্যাখ্যা লিখাঃ— সেইমতে হিন্দুবিলাকেই.........পূনীয় জন্তু গোমাতা।

(ইয়াৰ বাহিৰে ছাত্ৰ সকলে কিতাপত দিয়া ২নং সঙ্কেতলৈ মন কৰিবাহক।)

——X——

বেঞ্জামিন ফ্ৰেঙ্কলিন।

(গৃহশিক্ষা আৰু লৰাকালত পঢ়া পুথি)

 ঔপন্যাসিক = উপন্যাস (সাজি লিখা ঘটনা) + ষ্ণিক্; উপন্যাস লিখক। অপৰিজ্ঞাত= কেৱে জনা, সুনাম নথকা। মণ্ডিত =যুক্ত প্ৰতিকূল চৌপাশ=বিপৰীত মুখী বা বিপক্ষবাদী সমাজ। বীজ=গুটি, সঁচ। সঙ্ঘ = সমাজ, সমিতি ঊদাসীন=আমনোযোগী, আগ্ৰহ নথকা। অভিজ্ঞ=জ্ঞানী। অৰ্থসমস্যা=ধনৰ বিষয়, টকা পইচাৰ বেমেজালি। অঙ্কুৰিত=গজালি মেলা। পক্ষপাতী=পক্ষলোৱা, সপক্ষহোৱা। নীৰৱে= নিঃ+ৰৱে; মনে মনে। আপৈতা = অপৈণত। অভিভাৱক=সাৱধান লওঁতা, আশ্ৰয়ত ৰাখোঁতা। মাৰ্গ =বাট। উন্মাৰ্গগামী = উদ্ধত, বেয়াৰ ফালে যোৱা, ( উত+ মাৰ্গ = উন্মাৰ্গ )। দ্বিকক্তি=দ্বিতীয়বাৰ কোৱা, দুইবাৰ কবলগা। মূৰী = মূল, ঘাই, প্ৰধান। উলঙ্ঘ।= উচ্ছেদ, অমান্য। পঠন-প্ৰিয়তা=পঢ়িবলৈ হেঁপাহ। সুগম = গমনৰ কাৰণে ভাল, বা সুবিধা জনক। সঞ্চিত =সাঁচতীয়া। উদ্বৃত সময় = ( উৎ + বৃত্ত ) কামত লাগি ৰোৱা সময়, অতিৰিক্ত সময়। লক্ষ্যবিহীন = উদ্দেশ্য নোহোৱা। নিবিষ্ট= নি+বিশ্+ক্ত; একাগ্ৰ, ভিতৰলৈ সোমোৱা। মনোনিবেশ=মনঃ+নিবেশ; মনসোমোৱা, মনোযোগ। সাত্ত্বিক আহাৰ =সাধুসকলৰ খাবলগীয়া 'আহাৰ