পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দামোদৰ বিপ্ৰাখ্যান

 বিপ্ৰাখ্য়ান=বিপ্ৰ (বামুণ ) + আখ্যান। লাউলোৱা = অতি দুখীয়া। টেকেলি কাতি = চৰুকাতি, ৰন্ধা বন্ধ, লঘোন। অষ্টম দৰিদ্ৰ=আঠোদিশে অৰ্থাৎ কেউপিনে দৰিদ্ৰ। সাধ্বী = সাধূ শব্দৰ স্ত্ৰী লিঙ্গ। অন্তেষপুৰ= ভিতৰ ঘৰ, অন্তঃপুৰ। চুচুক চামাককৈ = ভয় বা লাজত হোঁহঁকা পিচলাকৈ। অবাধ = বাধা নথকা। পাদোদক = পাদ + উদক; ভৰি ধুওৱা পানী; ( পদ = ভৰি; উদক =পানী )।

 আথেবেধে = আগ্ৰহেৰে, আদৰকৈ। ফটুৱৈ ফটা = ভৰিফটা ৰোগত ফটা, নেওচি=বেয়া বুলি এৰি। আতৌ পুতৌ = আদৰ স্নেহ। খৰিলুৰি = খৰি কাটি। প্ৰশংসাসূচক =প্ৰশংসা জনোৱা। সম্ফল = সফল,সাৰ্থক। অন্তয্য়ামী = মনৰ ভাৱ জনা। হোলাৰ ভাই মোলা = হোজা, সৰল। ভুভটং = খবৰ খাবৰ। হংসতুলী = হাঁহৰ পাখিৰ নিচিনা কোমল তুলী। প্ৰাতসতে=ৰাতি পুৱাতে। যদুপতি = যদুবংশৰ গৰাকী শ্ৰীকৃষ্ণ। — ছালছিগ৷ =ছাল নোহোৱা, অতি দৰিদ্ৰ। ফেদেলা = মলিয়ন। গুণাগাথা = ভবা চিন্তা কৰা। বিমান = আকাশী ৰথ। সালঙ্কৃতা = অলঙ্কাৰ পিন্ধ৷ (স্ত্ৰীং, বিশেষণ ) অচলা = লৰচৰ নকৰা, স্থায়ী ( বিশেষণ, স্ত্ৰীং)। দিব্য আভৰণে ভূষিতা = সুন্দৰ অলঙ্কাৰেৰে সজ্জিতা।

সহজ ভাঙনি :-

  (১) য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়। য'ত এটা নিশ্চিত বিপদ আছে, তাতেই আকৌ আন এটা বিপদ আহি উপস্থিত, হ’লে মানুহে এই প্ৰাচীন ফকৰাটো গায়। হাবিৰ মাজত খৰি কটা কামটো একেই দুখ, ভয় জাৰু বিপদ জনক; তাতে আকৌ শিল বৰষুণে পোৱাটো দুখৰ উপৰি দুখ দায়ক, বিপদৰ