পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
সাহিত্য সংগ্ৰহৰ চমু টোকা।

সদ্যহতে = এতিয়া,বৰ্ত্তমানে। অনুষ্টুপীয়া =অলপীয়া,সংক্ষেপ। সামুদ্ৰিক = সাগৰ সম্বন্ধীয়। অভেদ্য =ভেদিব বা জয় কৰিব নোৱাৰা। ধাউতি = আগ্ৰহ, হেঁপাহ।

 প্ৰশ্নঃ— স্বাধীন ভাৰতৰ নৌ বল বঢ়াবলৈ কি কি উপায় কৰা হৈছে?

 (১) ৭৫০০ টনৰ দিল্লী নামে মধ্যমীয়া যুদ্ধ-জাহাজ এখন কিনা হৈছে। তাত ৭০৫ জন নাবিক, ৪৫ জন ওখথাপৰ কৰ্ম্মচাৰী আৰু সেনা নায়ক আছে।

 (২) ৩ খন জাহাজ ধ্বংসকাৰী জাহাজ আৰু এখন টেঙ্ক বহনকাৰী জাহাজ কিনা হৈছে।

 (৩) নৌ বিদ্য়া আৰু নৌ যুদ্ধ শিকাবৰ কাৰণে বেলেগ বেলেগ জাহাজৰ বন্দোবস্ত কৰা হৈছে।

 (৪) বহুডেকা ল'ৰাক নৌ বিদ্যা আৰু নৌ যুদ্ধ শিক্ষ৷ দিব ধৰিছে।

বুজাই দিয়া :- সেনাবিভাগত যোগ দিয়াটো এটা ডাঙৰ দেশ-প্ৰেমৰ কাম।

-:-

সাগৰ তলিৰ কথা।

 গভীৰতা = দগুণ ( বিশেষ্য ), উমান=আঁট্ কাল, গম। উদ্গিৰণ= বতিওৱা, উগাৰ। দ’ল =দ'ম, বহুত বস্তু একঠাই কৰা। কাৰিকৰ= কাৰু ( শিল্প ) কৰে যি (উপপদ সমাস); শিল্পী।

 সাগৰৰ তলিত পাহাড় আগ্নেয়গিৰি, ৰঙা নীল৷ আদি বোকা, শিলৰ টুকুৰা, চূণৰ পাহাড়, শিল-বালি, পোৱাল পোকৰ পাহাড়ৰ শাৰী, মুকুতা, শামুক, সামান্য পোকৰ পৰা হাতীতকৈও বহুগুণে ডাঙৰ জীৱ জন্তু, বিস্তৃত গছ-গছনিৰ হাবি— যাৰ মাজত নানা ধৰণৰ জীৱজন্তু সোমাই খাই ফুৰি আছে, এই বিলাক থাকে।