পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
শঙ্কৰদেৱৰ উজনি অসম পৰিত্যাগ


শঙ্কৰদেৱে পাৰ হৈ চূণপোৰালৈ আহি তাতে ভকত সকলেৰে সৈতে বহাঘৰ, কীৰ্ত্তনঘৰ সজাই ধৰ্ম্ম প্ৰচাৰ কৰি থাকে । তাতে তাঁতীকুছি আদিৰ পৰাও ভকত আহি তেওঁৰ ওচৰত ধৰ্ম লয় ৷

 ১। এই প্ৰৱন্ধত থকা মাধৱদেৱৰ ভকত-বৎসলতাৰ এট৷ উদাহৰণঃ-

 ধুৱাহাটৰ পৰা ভটিয়াই আহিবৰ দিনা খৰি লুৰিবলৈ যোৱা দুজন ভকতৰ উলটি আহোঁতে পলম হোৱাত যাবলৈ নেপাই কান্দিবলৈ ধৰিলে । মাধবদেৱৰ কথামতে বৈনায়েক ৰামদাসে ভক্ত দুজনক নাৱত ঠাই নোহোৱা বুলি তুলি লবলৈ আপত্তি কৰিলে । তেতিয়া মাধৰদেৱে তেওঁৰ কাপোৰৰ জপা দুটা পানীত পেলাই দি তাতে ভকত দুজনাক তুলি ললে ৷ পিচত নাও বন্ধা ঠাইত আহি জপা দুটা নাৱত লগাত তেওঁ তুলি ললে । ই তেওঁৰ সেই ভকত বৎসলতা গুণৰেই ফল । তাকে দেখি গুৰুৱে সোধাত তেওঁ কথাটো ভাঙি কলে । তাকে শুনি গুৰুৱে তেওঁৰ প্ৰশংসা কৰি এইদৰে কৈছিল, ‘মাধৱ তুমি ধন্য । তুমিহে বাপু ভকতৰ মোল বুজা। শঙ্কৰদেৱৰ এই বাক্যটোৰ ব্যাখ্যা কৰিব লাগিলেও এইখিনিকে লাগিব ।

ভাৰতৰ নৌ বল

 নৌবল=পানীৰে যুদ্ধ কৰ৷ শক্তি । বিপুল=বহুত, অভিশয় । সৈন্যাধ্যক্ষ =সৈন্য + অধি+অক্ষ ; সৈন্যৰ ঘাই গৰাকী, প্রধান সেনাপতি। উপদ্ৰৱ = অত্যাচাৰ । শৌৰ্য্য = শূৰ+ষ্ণ্য ; বীৰত্ব, । কষ্টসহিষ্ণুতা=দুখ সহিবপৰা গুণ। সুজান=ভালদৰে জনা, জ্ঞানী । যাৰপৰ নাই = সবাতকৈ বেছি । সমুদ্র বাহী = সাগৰত চলা । নাবিক=নৌ + ইক নাও বা জাহাজ চলাওঁতা। বিকল =ঘূণীয়া, বিকৃত। সঞ্জুক=সঁজুলি ।