পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামৰূপীয়া ঢুলীৰাৰ ভাও ।

আকৃতিৰ কাঠ আদিৰে কাটি লোৱা ছোঁ, সাজ। জোৰ = জুই জ্বলোৱা খৰিৰ আঁটি। যুৰি = পালি, সহায়কাৰী। খুহুটীয়া = হাঁহি উঠা, ধেমেলীয়া। চুটুৰীয়া = তাকৰ, সৰু সুৰা। অভিনয় – ভাওনা। জ্ঞান-গৰ্ভ = জ্ঞান গৰ্ভত যাৰ (বহুব্ৰীহি); জ্ঞান থকা। হুবহু = অবিকল, একেবাৰে ঠিক। প্ৰসিদ্ধ = বিখ্যাত, সকলোৱে ভালকৈ জনা। কোকালি =কাকূতি মিনতি। একেধাৰে =একেলগে। বহুৱালী = বহুৱা+আলি; ভাও ভঙ্গীৰে আমোদ জন্মোৱা ভাওৰীয়াৰ স্বভাৱ বা আচৰণ (বিশেষ্য)। মুদ্ৰা = হাতৰ আঙুলিৰ ভঙ্গী।

 প্ৰশ্ন :—কামৰূপীয়া ঢুলীয়াবিলাকে কি কি ভাও দেখুৱাইছিল বৰ্ণনা কৰা?

 উত্তৰ :—প্ৰথমতে নানা চেৱে ঢোল বজালে। তাৰ পিচত এটা তালীয়াই দৌৰি দৌৰি তাল বজালে। তাৰ পিছত ক্ৰমে ত্ৰিশজন- মান ল'ৰা ডেকাই পোন খঁৰ, ওলোটা খঁৰ, আলাগতে দিয়া খঁৰ, তঙাল মোচৰা খঁৰ, চান্দনি সৰকা খঁৰ ইত্যাদি অলেখ খঁৰ; মানুহৰ কান্ধত উঠি খঁৰ, এটাৰ পৰা ক্ৰমে আঠ দহোটালৈ ঢোল যোৰাই তাৰ ওপৰৰ পৰা দুয়ো কাষলতিত দুটা ঢোল লই তাৰ ওপৰৰ পৰা দিয়া আলাগা খঁৰ; দুটা মানুহে কান্ধপাতি লোৱা বাঁহৰ ওপৰত উঠি নানান কুস্তি; পদগোৱা পালি সকলেৰে সৈতে মুখা পিন্ধা ভাওৰীয়াৰ ভাওনা- নৃত্য, বুঢ়া-বুঢ়ীৰ দন্দ্ ইত্যাদি; বান্দৰৰ পুতুলাৰে ধেমালি। সাৱশেহত প্ৰসিদ্ধ ভাৱৰীয়া ভেলাভাইৰ নানান হাঁহি উঠা ভাও-ভঙ্গী, চৰাই-চিৰিকতিৰ

মাত, পহুৰচিকাৰৰ ভাও; খুহুতালি ইত্যাদি।