পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য সংগ্ৰহৰ চমু টোকা

 ৭। পূৰ্ব পুৰুষসকলৰ আৰু জগতৰ নানা দেশৰ নানা জ্ঞানী বিদ্বানলোকৰ অৰ্জিত জ্ঞান বিদ্ব৷ পিছৰ পুৰুষসকলে অলপীয়া সময় অলপ শ্ৰম আৰু অলপ খৰছতে লাভ কৰিব পাৰে। ধন ভাঙিব নোৱাৰা সকলক জ্ঞান অৰ্জনত বৰ সহায় কৰে। ধন ভাঙিলেও বজাৰত নেপোৱা অথচ পুথিভড়ালত থকা অনেক দুৰ্লভ কিতাপ পঢ়ি জ্ঞানৰ হেঁপাহ পলুৱাব পাৰে। পৃথিবীৰ বিখ্যাত লিখকসকলৰ লগত চিনাকি হব পাৰে। ইয়াৰ সংখ্যা বাঢ়িলে মানব সমাজত জ্ঞানৰ হেঁপাহো বাঢ়ে, আৰু দেশশিক্ষা আৰু সভ্যতাত ওখ খাপলৈ উঠে।

 ৮। সকলোৰে অসুবিধালৈ লক্ষ্য কৰা অভ্যাস হয়— মনে মনে ( মাত নুফুটাই ) কিতাপ পঢ়ি আৰু ঘৰলৈ কিতাপ নি বেচি দিনলৈ নাৰাখি ৰাজহুৱা কিতাপকো নিজৰ কিতাপৰ দৰে আতৌ পুতৌকৈ ৰখাৰ অভ্যাস হয়। পাঠাগাৰত বহি পঢ়া মানুহ সংযমী হবলৈ শিকে।


কামৰূপীয়া ঢুলীয়াৰ ভাও

 লোকে লোকাৰণ্য = লোক + অৰণ্য, লোকৰ অৰণ্য (ষষ্ঠী তৎ ) মানুহেৰে ভৰপুৰ। ঘুৰীয়া = মেখেলা বা লুঙীৰ নিচিনা ভাওনাৰ সাজ। চেও=তাল। বলিষ্ঠ—বলী + ইষ্ঠ = বলবান। আলাশতে = শূন্যতে, মাটি নোছোৱাকৈ। চান্দনি সৰকা খঁৰ = দুই বাহুৰ মাজেৰে গা সৰকাই দিয়া খঁৰ। কুস্তি =ব্যাম, কছৰৎ। সমস্বৰে = বহুতে একেমুখে, একেসুৰে। সূত্ৰধাৰ = ভাওনাৰ চমুবিবৰণ কোৱা প্ৰথম ভাওৰীয়া। মুখা = মুখৰ