পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৫
সাহিত্য বিচাৰ।

নুশুনিলা কিনো স্বতন্তৰ
ওলাই গৈলি নাচিবাগি, পুত্ৰ ই জন্মক লাগি
 উলটিয়া নপশিলি ঘৰ॥
পাঞ্চোপুত্ৰ ভৈলোঁ সুখী আছিলোঁ সুবৰ্ণ কুম্ফি
 সিও নাম খণ্ডাইলি কুমৰ।
কিনো ভৈল হৃদিশোক, বিধতা দণ্ডিলে মোক
 যমপুৰে আমাক সুমৰ॥
ৰজাৰ কুমাৰী গণে, তোক সেৱে সৰ্ব্বক্ষণে
 শীতল সৰ্য্যাত থাকা শুই।
আজি বাপু প্ৰাণ এৰি, কোন স্থানে আছা পৰি
 কাক শৃগালৰ ভক্ষ হুই॥
অদ্ভুত — বিস্ময়জনক কোনো ভাব থাকিলে তাক অদ্ভুত ৰস বোলে; যেনে,---

নন্দক আবৰি, বোলে গোপ গোপী,
পৰম মনে বিস্ময়।
তোমাৰ পুত্ৰৰ, যেন যেন কৰ্ম্ম,
মনুষ্য এস্ত নহয়॥
সাত বৰিষৰ, শিশু কৃষ্ণ ইটো,
দেখা কেন কৰি লীলা॥
ছত্ৰাকৃতি কৰি, এক হাতে তুলি
পৰ্বতক উল্লাসিলা॥
দোভাইক ৰথে থৈয়া তব তলে
নামিল গৈয়া যমুনাৰ জলে।
বুৰ দিয়া মন্ত্ৰ জপিলা পাচে