পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পদ্য। সেইটো ভাবেই প্ৰকাশ হব নোৱাৰে যদি কৰা তেন্তে কবিতা নীৰস হব। এটা কথা মন কৰিব লাগে যে পন্থত লিখিব পৰা কথা গদ্যত লিখিলে একো ক্ষতি নহয়; কিন্তু যি কথা কেৱল গছৰ হে যোগ্য তাক পদ্যত লিখিলে এৱা গাখীৰত লোণ মিহলোৱা যেন হয়। গদ্যত লিখিবৰ মোগ্য ভাব এটা কথাতে বহুত থাকিব পাৰে। আৰু সেই একোটা ভাবৰে এটা এটা বেলেগ কবিতা হব পাৰে। বসন্ত কাল, কুলি- চৰাই, মৰণ, টোপনি ইত্যাদি বিষয় বহুত কবিয়ে বেলেগ বেলেগ কবিতা লিখি গৈছে। এটা কথাৰে যে ভিন্ ভিন্ খাব তাক দুই ভাগে ভগাব পাৰি। এভাগত কথাটোৰ কেৱল স্বাভাৱিক লক্ষণ বা ৰূপ পোৱা যায়, আৰু আন ভাগত কবিৰ নিজৰ মনৰ গতি অৰ্থাৎ সেই কথা দেখি কবিৰ মনত কি কি ভাব উদয় হৈছিল তাৰ কথা লিখে। বিবেচনা কৰা, এটা বিষয় দিছে “মৰণ, তাৰে দুটা তিনি টা ও কবিতা লিখিব লাগে। এই বিষয়টোৰ ভাব অনেক উলিয়াব পৰা যায়। এক এবাৰ মুক্তি বা শান্তি বুলি ধৰিব পাৰি, কাৰণ মানুহ মৰিলে সাংসাৰিক সকলো যা- নাৰ পৰা উদ্ধা পায়। মৰণক চিনিদ্ৰা বুলিও বৰ্ণাব পৰা যায়, কিয়নো মানুহ মৰিলে আৰু দুনাই নিজীয়ে। আকৌ কোনোৱে কোনোৱে মৰণক ভয়ঙ্কৰ বস্ত কৰি বাই গৈছে। আন কি, সেই বৰ্ণনা পঢ়িলে মৰিবলৈ আগুৱা থাক, তাৰ নাম শুনিলেও ভয় লাগে। এই দৰে চোৱা, এক মণ বিষয়নে কেইটা ভাব ওলাল • মুক্তি, শান্তি, চি নিজা, আৰু ভয়ঙ্কৰ বৰু। ভাবি নিলে আৰু কত ৰকমৰ