যে পূবে বগাদাৰ দিছে ৷ সাধু মহন্ত সকল বাহিৰত
জমা হৈ আছে । পিছে ডেকা অধিকাৰে আন আন
মহন্ত সকলে সৈতে ধৰাধৰি কৰি বুঢ়া অধিকাৰক কীর্তন
ঘৰৰ চোতালত পাতি থোৱা আসনত শুৱাই থলে।
সাধু সকলে নাম কীৰ্ত্তন কৰিব ধৰিলে ৷ বুঢ়া অধিকাৰে
সকলোকে এবাৰ চকু মেলি ঢালে ৷ কীৰ্ত্তন ঘৰ আৰু
বাহাঘৰৰ ফালে হাতযোৰ কৰি প্রনাম কৰিলে। শেষত
আত্মৰূপী ভগৱন্তৰ নাম লৈ লৈ স্বজ্ঞানে সুস্থ শৰীৰে নশ্বৰ
দেহা ত্যাগ কৰিলে । আজি বুঢ়া অধিকাৰৰ বয়স ১১৭
বছৰ । ১৮৪১ শক মাঘ মাহৰ ৩০ তাৰিখ বৃহস্পতিবাৰ
কৃষ্ণ পক্ষৰ অষ্টমী তিথিত শুৱালকুছি গাওঁৰ হাটী সত্ৰৰ
বুঢ়া অধিকাৰ শ্ৰীযুত বুদৰাম মহন্ত দেৱ আজি বৈকুণ্ঠ
প্রয়াণ হল।
বুঢ়া অধিকাৰৰ বৈকুণ্ঠ প্ৰয়াণ বাতৰি জনাবলৈ হাটী
সত্ৰৰ দবা, বৰ কাহা, তাল খোল সকলো বাজি উঠিল
হাটা সত্ৰৰ ডবাৰ মাত শুনি আন আন সকলো সত্ৰৰ
দবাও বাজি বাজি উঠিল । দবাৰ মাত শুনি গাওঁৰ
লৰা ডেকা বুঢ়া তিৰোতা মুনিহ সাধু ভকত সেৱক সকলো
আহি হাটী সত্ৰৰ চোতাল নধৰা হল। পিছে সকলো ৰাইজে
স্নান কৰি বুঢ়া অধিকাৰৰ দেহ খোল তাল বজাই শোভা