ওঠৰ চাপি আহিল । কালি বৃহস্পতি বাৰ পুৱা পূবে
বগাদাৰ দিওঁতে আমাৰ প্রতি ভগৱন্তৰ কৃপা হব ৷
এতিয়া সকলো ৰাইজক নমস্কাৰ কৰি আমি বিদায়
মাগিছোঁ।
বুঢ়া অধিকাৰৰ এই শেষ বাণী শুনিবলৈ গাওঁৰ
জাতিধৰ্ম্ম নিৰ্ব্বিশেষে সকলো ভৰি পৰিছিল। সকলো
ৰাইজে হৰিধ্বনি দি তেখেতৰ বাণী শিৰত তুলি ললে ।
মহাপুৰুষীয়া, দামোদৰীয়া, বামুনীয়া সকলো পন্থৰ ৰাইজে
হাতযোৰ কৰি তেখেতৰ বাণী শ্রৱণ কৰিলে । এনেতে
আন আন পন্থৰ কেইজনমান বিশিষ্ট ভকতে হাতযোৰ
কৰি নিৱেদন কৰিলে । বাপ, আপুনি আমাৰ গাওঁৰ এজনাৰ
পৰম উপকাৰী লোক আৰু সকলো বিষয়তে আমাৰ উপদেশ
দাতা । আজি আপোনাৰ শেষ বাণী শুনি পৰম সন্তোষ
পালোঁ। আমি আমাৰ প্রণাম জনালোঁ। পিছে এটি প্ৰাৰ্থনা
কৰোঁ ৷ আপোনাৰ চতাত আনি অভাজন সকলেও
দুই চাৰিদাল চন্দন কাঠ দিব আকাঙ্খা কৰোঁ।
আপোনাৰ আদেশ পালে মনোবাঞ্চাপূৰ্ণ হয়।”
এই প্রার্থনা শুনি বুঢ়া অধিকাৰে কলে “বাপু সকল,
সকলো এক ঈশ্বৰৰ সেৱক । আত্মাৰ আপোন পৰ নাই ৷
আত্মাৰূপী ভগৱন্ত সকলোৰে অন্তৰত আছে । ভগৱন্তে
পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৬৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬০)