সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৫৩)

শ্ৰৱণ কীৰ্ত্তন  শ্মৰণ বিষ্ণুৰ
অৰ্চ্চন পদ সেৱন।
দাস্য সখিত্ব  বন্দন বিষ্ণুত
কৰি দেহ অৰ্পণ॥

ইয়াৰ ভিতৰত আমাৰ পন্থত দাস্য ভাৱৰ ভক্তিয়েই প্ৰধান। দাস্য ভক্তিৰ কাৰণেই ভগৱন্তে প্ৰহ্লাদক ৰক্ষা কৰি আছিল।

{{center|গাত খান্দি কতো  পোতে প্ৰহ্নাদক
কৰাৱে বিষক পান।
হাতে গলে বান্ধি   অগ্নিত পেলাৱে
তথাপি নাযায় প্ৰাণ॥
বিষ্ণুৰ চৰণ  চিন্তিয়া প্ৰহলাদে
আছন্ত নিৰ্ভয় ভাৱে |
দেখি দৈত্যপাত  মনত চিন্তয়
স্মৃতি নাই তাৰ গাৱে॥

সম্পূৰ্ণৰূপে দেহ মন বাক্য চিত্ত সকলো বিষ্ণুত অৰ্পণ কৰি দাস্য ভাৱে ঈশ্বৰত সেৱ৷ আৰু তুতি কৰাই পৰম ভক্তি। ভকত-বাপ, ঈশ্বৰ নিৰাকাৰ বুলিও কয়। পিছে আমি নিৰাকাৰকনো তুতি কৰোঁ কেনেকৈ। অধিকাৰ - শাস্ত্ৰৰ বচনেৰে ইয়াৰ উত্তৰ দিওঁ, শুনা,