এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
ঈশ্বৰ অৰ্থাৎ পৰমান্নাৰ সেৱাই জীৱৰ মুক্তিৰ উপায়।
তুমি নিত্যমুক্ত চৈতন্য তুমি সি
নিত্য বদ্ধ জড়জীৱ |
তোমাৰ সেৱাত হোৱে মুক্ত জীৱ
তুমি দেৱ সদাশিৱ ॥
এয়ে হৈছে জীৱৰ মায়া বন্ধন নাশৰ উপায় ৷
ভকত-বাপ আমাৰ সেৱাৰ বস্তুফেৰা জানিব খোজোঁ।
অধিকাৰ-নাৰায়ণেই সেৱাৰ বস্তু।
প্রথমে প্ৰণামো ব্ৰক্ষ্মৰূপী সনাতন।
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ ॥
এই নাৰায়ণ নামটি চাৰিও বেদৰপৰা উদ্ধাৰ কৰি
- সেৱাৰ বস্তু কৰিছে। নাৰায়ণৰ ৰূপ ধাৰণ, ধ্যান আৰু
কীৰ্ত্তনেই জীৱ মুক্ত হবৰ প্রধান উপায় । সেই কাৰণে আকৌ কৈছেঃ-
ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ ।
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ ॥
ভকত --বাপ, কলিকালত নো ধৰ্ম্ম কি?
অধিকাৰ--কলিত হৰি-নাম কীৰ্ত্তনেই একমাত্ৰ ধৰ্ম্মঃ-
সত্য যুগে কৰি ধ্যান সমাধি।
ত্ৰেতাত সমস্ত যজ্ঞ আৰাধি ॥