নিৰ্ম্মালি প্রসাদ লৈ সকলো সমূহ ভকত কীর্তন ঘৰৰ "চোতালত বহিল। বুঢ়া অধিকাৰে সমূহ ৰাইজৰ আগত শ্ৰীযুত লক্ষ্মীকান্ত মহন্তক ডেকা অধিকাৰ বুলি ঘোষণা কৰিলে। সমূহ ৰাইজে জয়ধ্বনি দি বুঢ়া অধিকাৰৰ কথাত সন্মতি প্ৰকাশ কৰিলে । শ্ৰীযুত লক্ষ্মীকান্ত মহন্তও ৰাইজৰ আগত হাতযোৰ কৰি মূৰত মালা পিন্ধিলে; আৰু ডেকা অধিকাৰৰ বাব গ্রহণ কৰিলে । সকলো ৰাইজে জলপান কৰি হৰিধ্বনি দি ঘৰাঘৰি গ'ল। বুঢ়া অধিকাৰে ডেকা অধিকাজন পাতি নিশ্চিন্ত হ’ল। সত্ৰৰ সকলো কামৰ ভাৰ ডেকা অধিকাৰৰ গাত দিলে। বুঢ়া অধিকাৰে এতিয়া একান্ত মনে ঈশ্বৰ চিন্তা কৰি সুখত দিন নিয়াব ধৰিলে।
২৩। ধৰ্ম্ম আলাপ
এতিয়া বুঢ়া অধিকাৰ বুদৰাম মহন্ত ঈশ্বৰ চিন্তাৰপৰা নুঠাতে পৰিল। একান্ত ঈশ্বৰ চিন্তাত তেখেতৰ জ্যোতি আৰু দুগুণকৈ বাঢ়িব ধৰিলে । শৰীৰৰ কান্তি বাঢ়িলে। আত্ম-জ্ঞানত মন-প্ৰাণ দুগুণ প্রফুল্ল হৈ উঠিল। তেখেতৰ বাণী অমৃতময় হল ৷ বাপু ভকতসকলে তেখেতৰ মুখৰ বানী শুনি তৃপ্তি লাভ কৰিব ধৰিলে। ঢলে ঢলে