বস্তু তুমি নিয়া। কৃষ্ণে তোমাৰ বস্তু তোমাক দিছে।
তাত আমাৰ একো অধিকাৰ নাই।” বুঢ়া অধিকাৰে
কোনো মতে টকা গ্ৰহণ নকবা দেখি বামুণজনে তেল
বন্তিৰ খৰচ বুলি দু-অনা পইচা দি নত্ৰত সেৱ৷ কৰি ঘৰলৈ
যায়। এনে বিশিষ্ট সাধু পাবলৈ অতি বিড়ল, আৰু এই
ঘটনাটিয়ে শ্ৰীযুত লক্ষ্মীকান্ত মহস্তৰ চৰিত্ৰৰ পৰিচয় দিলে।
২২। ডেকা অধিকাৰ
চাওঁতে চাওঁতে বুঢ়া অধিকাৰৰ বয়স ৯৫ বছৰ হল। বুঢ়া অধিকাৰৰ বয়স বেছি হোৱা দেখি ভকতসকলে নিবেদন কৰিলে “কৃপালু গুৰু, এতিয়া হাটীসত্ৰত এজন ডেকা অধিকাৰ পাতি ললে ভাল হয় যেন পাওঁ।” বুঢ়া অধিকাৰে কলে “এৰা আমাৰো বয়স পৰি আহিল। এজন ডেকা অধিকাৰ পাতা আঃৱশ্যক। পিছে তোমা- লোকেনো কাক ডেকা অধিকাৰ পাতিব খোজ?” ভকতসকলে কলে “আমাৰ মনেৰে শ্ৰীযুত লক্ষ্মীকান্ত মহন্তই ডেকা অধিকাৰৰ বাবে উপযুক্ত লোক।” বুঢ়া অধিকাৰ ভকতসকলৰ কথাতে মান্তি হ’ল।
এদিন দিন বাৰ চাই শুভক্ষণত বুঢ়া অধিকাৰে সমূহ ৰাইজক বোলান দি হৰি কীৰ্ত্তন পাতিলে। কীৰ্ত্তনৰ