সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪৫)

কামৰ দিহা দাৰা দিওঁতে ভালেখিনি পৰ নৈৰ পাৰত ৰব লগাত পৰিছিল। এনে সময়তে এজন বামুণ নৈৰ পাবলৈ গা ধুবলৈ আহিছিল। এওঁ বামুণজন দেশ বিদেশ ‘ঘূৰি ঘৰলৈ যাব আহিছে। দুপৰ হোৱা দেখি নৈৰ পাৰত জলপান খাব আহিছিল। বামুণে নিজৰ তালি টোপোলা বয়বস্ত সকলো বালিত থৈ পানীৰ জেলিয়াত জলপান কৰিলে। জলপান কৰি তালি টোপোলা লৈ বামুণ ঘৰমুৱা হল। প্ৰায় চাৰি মাইলমান গৈ বামুণৰ টোপোলা পাতল পাতল লগা যেন পালে। টোপোলা খুলি চাই দেখে যে দুটি সৰু টোপোলা নাই। তাৰে এটি টোপোলাত পাঁচ শ টকাও আছিল। বামুণৰ মুখৰ মাত নোহোৱা হল। তেতিয়াই দৌৰি দৌৰি নৈৰ পাৰলৈ আহিব ধৰিলে। শ্ৰীযুত লক্ষ্মী বাপুই নাওৰ কাম চাই ফুৰোতে কাপোৰৰ টোপোলা দুটা দেখা পালে। ভবদুপৰ, কোনো মানুহ-দুনুহ নাই। টোপোলা দুটা এৰি গলে জানোচা কোনোবাই নিয়ে। ভাবি চিন্তি ঢোপোলা দুটা বালিৰে ঢাকি থৈ নিজে ৰখি থাকিল। প্ৰায় ছঘণ্টামান পাছত বামুণ ঘামি জামি ঘাটৰ পাৰ পালেহি। বামুণে টোপোলা দুটা দেখা নাপাই কপালত চপৰাই চপৰাই কান্দিব ধৰিলে। তেওঁক কান্দা দেখি