সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪

ডেকা আধিকাৰ এজন পাতিবৰ আৱশ্যক হল। বুঢ়া "অধিকাৰৰ অভিপ্রায় গাওঁৰ ৰাইজৰ মাজত জনাজাত হল। ভকতসকলে এজন বিশিষ্ট সাধুৰ সন্তান আনি হাটীসত্রত দিবলৈ অনুসন্ধান কৰিলে। অৱশেষত গাওঁৰ মাজত শ্ৰীযুত লক্ষ্মীকান্ত মহন্ত বুলি এজন শান্ত শিষ্ট ডেকা সাধু সন্তান পালে। এওঁৰ পিতৃৰ নাম বালেকৰাম মহন্ত আৰু মাতৃৰ নাম পতিমা আই। এওঁক শান্ত শিষ্ট আৰু ধৰ্ম্ম ভীৰু দেখি ভকতসকলে এওঁক বুঢ়া অধিকাৰৰ ওচৰলৈ আনে। ছুই চাৰি দিন হাটী সত্ৰত ৰাখি স্বভাৱ চৰিত্র বুজি বাজি বুঢ়া অধিকাৰে এওঁক হাটাসত্রত স্থায়ীকৈ ৰাখিলে। বুঢ়া অধিকাৰৰ সঙ্গ পাই এওঁ গৃহস্থী ধৰ্ম্ম এৰিবৰ সংকল্প কৰাত বুঢ়৷ অধিকাৰে এওঁক শৰণ ভজন শিক্ষা আদি সকলোৰে দিহা দিব ধৰিলে। বুঢ়া অধিকাৰৰ অনুগ্ৰহত এওঁ সকলো শাস্ত্ৰত পাৰ্গত হল। সত্ৰৰ সকলো কামত উপযুক্ত হ'ল। গুৰুৰ আদেশ পালন কৰাই হল এওঁৰ জীৱনৰ ব্ৰত।


২১। ডেকা অধিকাৰৰ পৰীক্ষা।

 এদিন গুৰুৰ আদেশ মতে শ্ৰীযুত লক্ষীকান্ত মহন্তই ব্ৰহ্মপুত্ৰৰ পাৰত নাও বান্ধা কাম চাবলৈ গৈছিল।