(৬) এদিন অধিকাৰদেৱ বৰ বাড়ীলে যাওঁতে বাটত তেখেতৰ মূৰৰ ওপৰেদি এজাক পাৰ উৰি যোৱা দেখিলে। পাৰ চৰাই দেখি অধিকাৰে কলে “এইবোৰ কুকুৰা চৰাই কোনে পুহিছে। এইবোৰৰ উৎপাতত বাট পথেৰে যাবই নোৱাৰি।” পাৰ জাক উৰি গৈ গৃহস্থৰ ঘৰৰ বাহাত সোমাল। ৰাতিপুৱা গৃহস্থই পাৰ উলিয়াবলৈ গৈ দেখে যে বাহাত কুকুৰা চৰাই ভৰি আছে। এই গৃহস্থ জনৰ ঘৰ বৰ সত্ৰৰ কাষতে। কুকুৰা ঘৰৰ হাউলীৰ ভিতৰত সোমোৱা দেখি গৃহস্থই কুকুৰা খেদি গা পা ধুলে। সেইদিনাৰপৰা বাহাত পাৰ নোহোৱা হল। কথাই কথাই এদিন গৃহস্থ হাটীসত্ৰৰ ভকত এজনৰ লগত মেল পাতোতে এই ঘটনাটিৰ কথা ওলাল। তেতিয়া ভকত জনে সেই দিনাৰ সকলো কথা ভাঙি কোৱাত গৃহস্থজনে আচৰিত মানি হাটীসত্ৰত দণ্ড দি আঠু ললে। তেতিয়াৰেপৰা ঘৰ গৃহস্থী সমন্বিতে তেওঁ মহাপুৰুষীয়া ধৰ্ম্ম ধৰি জীৱন সাৰ্থক কৰিলে।
২০। হাটী সত্ৰৰ বাবে ডেকা অধিকাৰ নিৰ্ব্বাচন।
আজি কালিকৈ বুঢ়া অধিকাৰ বুদৰাম মহন্তৰ বয়স ভাঠি দিলে। তেখেতৰ বয়স ভাঠি দিয়াৰ কাৰণে