অহৰহ চিন্তা কৰিছিল। এই সকলো গুণৰ বিকাশ নিজৰ
কাৰ্য-কলাপ আৰু সৰু সৰু কৰ্ম্মৰ দ্বাৰ! দেখুৱাইছিল ।
উপদেশতকৈ দৃষ্টান্ত বেছি ফলদায়ক ভাবি তেখেতে নিজৰ
জীৱনৰ আৰ্হিৰে সকলোকে শিক্ষা দিছিল ৷ মুখেৰে
যেনেকৈ উপদেশ দিছিল নিজে তেনে কাম কৰি
সকলোৰে মন প্রাণ আকর্ষণ কৰিছিল । এনেকুৱা
কৰাটোৱেই মহৎ লোকৰ মহৎ কাম ।
১৯। অলৌকিক ঘটনাৱলী।
জগতত মহৎ লোকৰ মহত্ব বিশেষ বিশেষ কৰ্ম্মৰ
দ্বাৰা হে ফুটি ওলায় । সৰ্ব্ব সাধাৰণতকৈ কিবা
বিশেষত্ব দেখুৱাব নোৱাৰিলে মহৎ লোকৰ মহত্বত
সৌন্দৰ্য প্ৰকাশ নহয় । সেই কাৰণে জগতৰ মহা মহা
লোক সকলৰ নিজ নিজ বিশিষ্ট কৰ্ম্মৰ দ্বাৰা নিজৰ
মহত্ব প্রকাশ হৈছিল। মহৎ লোকৰ জীৱনী পাঠ
কৰিলেই এই কথাৰ প্ৰমাণ পোৱা যায়।
আমাৰ বুঢ়া অধিকাৰ বুদবাম মহন্তওএজন| মহৎ ছোক ।
তেখেতৰ কাৰ্য্যৰ দ্বাৰা তেখেতৰ মচন্ব প্রকাশ হৈছিল ।
তেখেতৰ জীৱনত বহুত আচৰিত ঘটন হোৱা প্রমাণ
পোৱা গৈছে। এই অলৌকিক ঘটনাবোৰ দেখিয়েই
8