সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩৬)

কেতিয়াবা বৰপেটালৈ গলে বুঢ়া অধিকাৰে এই বাহাত থাকি সকলো ধৰ্ম্ম কর্ম কৰিছিল, আজি পর্যন্তও এই বাহা আছে আক আগেয়ে শুৱালকুছি গাৱঁৰ মহন্ত- সকলে এই বাহাত থাকিয়েই ধৰ্ম্মৰ বাতৰি জনাইছিল । বৰপেটা, কমলাবাড়ী আদি সত্ৰৰ অধিকাৰ, সত্ৰীয়া ভকত আৰু বুঢ়া ভকত আহিলে এই হাটীসত্ৰতে থাকে । এওঁলোকৰ ভিতৰত বিশিষ্ট সাধু মহন্তসকলে মাজে সময়ে বুঢ়া অধিকাৰৰ সন্মতি লৈ শিষ্য বাপু ভকতসকলক ধৰ্ম্মৰ কথা কয় ৷ অকল মহাপুৰুষীয়া নহয় আন পন্থৰো বিশিষ্ট সাধু লোক আহিলে এই হাটীসত্রত আলহী স্বৰূপে থাকে; আৰু বুঢ়া অধিকাৰক সাক্ষাৎ কৰি ধৰ্ম্ম বিষয়ে নানান আলোচনা কৰে ৷ লগতে ভকত সেৱকসকলেও বহু কথা জানিবলৈ সুবিধা।  হাটী সত্ৰত এখনি সৰু পাঠশালা পাতি বাহাৰ ভকত সকলক শিক্ষাও দিয়াইছিল। এই দৰে নানান উপায়েৰে বুঢ়া অধিকাৰে হাটীসত্ৰৰ উন্নতি কৰিছিল। হাটীসত্রৰ উন্নতিৰ লগে লগে সমূহ বাপু ভকত গাওঁৰ সকলোৰে উন্নতি সাধন কৰিছিল। জীৱ মাত্ৰতে দয়া, নামত ৰুচি, ঈশ্বৰত ভক্তি আৰু নাম ধৰ্ম্ম যাতে সমাজত বহুল পৰিমাণে প্রচাৰ হয় তাৰ বাবে তেখেতে