সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩৪)

‘তেল বন্তিৰ খবচ আৰু বাহাৰ খৰচ। তেল বন্তিৰ খৰচেৰে কীর্তনঘৰৰ শলা-বন্তি জ্বলায় আৰু বাহা খৰচেৰে ভকত সকলক সোধ পোচ কৰা হয়; আলহী অতিথি আহিলে সোধ পোচ কৰা হয়; বাহাৰ ভকত সকলক ভোজনী স্বৰূপে দিয়া হয়। দৰ্শক সকলেও তেল বন্তি খৰচ আৰু বাহা খৰচবুলি ছুভাগকৈ খৰচ দিয়ে।


১৮। হাটী সত্ৰৰ উন্নতি

এওঁ বুদৰাম মহন্ত বুঢ়া অধিকাৰৰ দিনত হাটীসত্ৰৰ সকলো প্রকাৰে উন্নতি হয়। হাটীসত্রৰ কীর্তন-ঘৰ, ভাজঘব, বাহাঘৰ, পুখুৰী সকলো মহাপুৰুষ মাধৱদেৱে পাতা বৰপেটা সত্ৰৰ আৰ্হিৰে সাজে আৰু সত্ৰৰ হাউলী চাৰিও ফালে গড় বান্ধে । কীৰ্ত্তনঘৰখন ৫৬ হাত দীঘল, ২৭ হাত পুতল আৰু ১৫ হাত ওখ । ভাজঘৰখন ২৭ হাত দীঘল, ১৪ হাত বহল, আৰু ১৪ হাত ওখ। কীৰ্ত্তন ঘৰৰ কাঠৰ থুমবোৰ দুই তিনি মুনিহৰ বেৰৰ সমান ডাঙৰ ৷ কীর্তনঘৰৰ বেৰবিলাকত জগন্নাথৰ মন্দিৰৰ নিচিনা কৃষ্ণ-লীলাৰ মুৰ্ত্তি। কীৰ্ত্তন ঘৰৰ ভিতৰত এখন ডাঙৰ আসন স্থাপনা কৰা আছে | আসনখনৰ গজাসন আৰু সিংহাসন বুলি ছুটি ভাগ আছে । গজাসনখন দীঘলে