আহাৰ-তেখেতৰ আহাৰ অতি সামান্য আছিল। এটি চৰুতে সকলো বহাই ভন্ন পাক কৰিছিল। দুবেলা প্রস- ঙ্গত বহাৰ আগতে চাউল পানী ঠিক কৰি জালকুৰা মাৰে । আৰু প্ৰসঙ্গৰপৰা আহি অন্ন বাঢ়ি লৈ ভোজন কৰে। শয্যা-- তেখেতৰ শৰ্য্যা অতি সামান্য, এখন ডাঙৰ পীৰা ৷ সৰু এটি গাৰু । এখন তলপাৰা। গাত এখন পছৰা। বেছি ভাগ তেখেতে সুদা কঠ এটাত বাগৰে আৰু সৰু পীৰা এখনকে গাৰু কৰি লয়। পিন্ধ৷ কাপোৰ- ধুতি এখন, চেলং এখন, গামোছ এখন আৰু গাঁতি এখন ৷ চোলা বা আন কিবা চিলাই কথা কাপোৰ গাত কেতিয়াও নলৈছিল। আসন--সদায় কানকুল্লাৰ কঠত বহিছিল। সমুখত কাঠৰ ঠগা এখনত পুথি ৰাখিছিল। ভকত সকলক দিবলৈ তামোলৰ ঠগী এখন কাষত ৰাখিছিল। আলধৰা--সদায় গদিত বহাৰ সময়ত তেখেতৰ ওচৰত এটি আলধৰা থাকিছিল। খৰচ--গদিত বহা সময়ত বহুতে তেখেতক দৰ্শন কৰিবলৈ আহিছিল। দর্শন স্বৰূপে কোনোবাই কিবা খৰচ দিলে সেই খৰচ তেখেতে নলৈ তেল বন্তিৰ খৰচৰ বাবে থৈছিল ৷ এই খৰচ লোৱা সম্বন্ধে দুটি কথা আছেঃ-
পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৪১
অৱয়ব