সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩০)

 

চৈধ্য প্রসঙ্গৰ পৰা দৈনিক সৰু সুৰা সকলো কামকে তেখেতে নিজে পৰিচালনা কৰিছিল । অকল এয়ে নহয় গাওঁৰ মেল দৰবাৰ আদিতো তেখেতে ৰায় দিছিল ৷ সমাজৰ নিয়ম প্রণালী আচাৰ ব্যৱহাৰ সকলো বিষয়তে তেখেতে চকু দিছিল । চাবলৈ গলে তেখেতেই গুৰু ঘৰ ৰাজ ঘৰৰ কাম কৰিছিল। এনে সৰ্ব্ব গুণীলোক দেখি গাওঁৰ শিষ্যসকলে তেখেতক দিনৰ ভিতৰত এবাৰ নহয় এবাৰ সেৱা কৰিছিল। এনেকি সত্ৰৰ পৰা ওলাই আহিলে বাটত কি লৰা, কি ডেকা, কি বুঢ়া, কি মুনিহ, কি তিৰোতা সকলো শিষ্যই সদায় তেখেতক সেৱা কৰিছিল। অকল সেয়ে নহয় তেখেতে খোজ পেলোৱা বাটৰ ধুলিও, পৱিত্ৰ বুলি সেৱা কৰিছিল । তেখেতৰ পদধূলি কোনো- বাই গছকিব বুলি শিষ্য সকলে পাছে পাছে গৈ খোজৰ চিন মুছি পেলাইছিল। এয়ে হৈছে তেখেতৰ চৰিত্ৰৰ বিশেষ গুণ।

১৭। দৈনিক কাৰ্য্য তালিকা

 ১৷ পুৱতী নিশাতে পুৱাৰ বড়গীত ভটিমা গাই ঈশ্বৰ-চিন্তা কৰি শয্যা ত্যাগ কৰিছিল। ব্ৰহ্ম মুহুৰ্ত্তৰ আগতে শৌচ কাৰ্য্যাদি সমাপন কৰি প্রাতঃ স্নান কৰি-