সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২৯)

তেওঁৰ ওচৰলৈ গৈ মনৰ কথা ভাঙি সংশয় গুচাব পাৰিছিল। তেওঁ সকলোকে মিঠা মুখেৰে মাতিছিল। তেখেতৰ মুখৰপৰা ধৰ্ম্ম কথা সৎকথা আক সৎ আলোচনা শুনিবলৈ সকলোৱে ভাল পাইছিল। তেখেতৰ গুণ গৰিমা দেখি বহুতে শৰণ ভজন ধৰ্ম্ম লব ধৰিলে। শুৱালকুছি গাওঁৰ বাহিৰেও আন আন ঠাইৰ মানুহেও তেওঁৰ পৰা নাম ধৰ্ম্ম লব ধৰিলে । বহুতে তেখেতক দর্শন কৰিবলৈ অহা হল ৷ হাটীসত্ৰত তেখেতক দর্শন কৰা লোকৰ অন্ত নোহোৱা হল।  বুঢ়া অধিকাৰ বুদৰাম মহন্ত ঈশ্বৰ-চিন্তাতে মজি থাকে। কিন্তু ঈশ্বৰ-চিন্তাৰ লগে লগে তেওঁ সত্ৰৰ আন আন কামো কৰছিল ।

মুখত হৰি নাম   হৃদয়ত ব্ৰহ্ম ৰূপ
হাতত কাম

 এই তিনিটি গুণ অৱলম্বন কৰি তেখেতে সকলো কাজ কৰ্ম্ম কৰিছিল। নিজৰ ৰন্ধা বঢ়া কাম নিজে কৰিছিল । নিজৰ কাপোৰ কানি নিজে ধুই পখালি লৈছিল । বাহাৰ বাড়ীত নিজে কোৰ পাৰিছিল ৷ বাঁহৰ কাম, বেটাৰ কাম নিজে কৰিছিল। ডাঙৰ ডাঙৰ নাও সজাই ভৰালৈ দি চলাইছিল। মুঠৰ ওপৰত