সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২৭)

কৰি প্ৰেত কৰ্ম্মাদি সমাপন কৰিলে। হৰি কীৰ্ত্তন পাতি সকলো ৰাইজক নিমন্ত্ৰণ কৰিলে। নাম কীৰ্ত্তনেৰে সকলো কাৰ্য্য সমাধা কৰিলে। এই তিথি বছৰি জেঠ মাহৰ শুক্লা ষষ্ঠীত হাটী সত্ৰত পালন কৰা হয়।

১৬। হাটী সত্ৰৰ বুঢ়া অধিকাৰ।

 বুদৰাম মহন্ত এতিয়া হাটীসত্ৰৰ বুঢ়া অধিকাৰ আৰু গৰাকী। এতিয়া হাটী সত্ৰ এওঁ বুঢ়া অধিকাৰৰ তত্ত্বাৱধানত চলিব ধৰিলে। মহাপুৰুষীয়া পন্থৰ সকলো ৰীতি নীতি নাম কীৰ্ত্তন প্ৰসঙ্গ আদি নিয়মিত ৰূপে পালন কৰিব ধৰিলে। সকলো বাপু, ভকত, সমুহক এওঁ অধিকাৰ হৈ মৰম আৰু স্নেহ কৰিব ধৰিলে। নিজৰ সন্তানৰ নিচিনা সকলোকে সৎপথ আৰু সৎকথাত আনিবলৈ চেষ্টা কৰিলে। ধৰ্ম্মৰ প্ৰতি যেন সকলোৰে আগ্ৰহ জন্মে তাৰ বাবে চেষ্টা কৰিব ধৰিলে। সকলো জীৱ ভগৱন্তৰ স্বৰূপ এই ভাবটি সকলোৰে মাজত প্ৰচাৰ কৰিব ধৰিলে। ঈশ্বৰ চিন্তা, জীৱলৈ দয়া আৰু নামত ৰুচি বঢ়াই সমূহ ৰাইজৰ কেনেকৈ আত্মাৰ সদ্‌গতি হয় তাৰে উপায় অৱলম্বন দেখুৱাব ধৰিলে। শিষ্য সকলক সৎপথ দেখুৱাৰ লগে লগে বুঢ়া অধিকাৰৰো