হাটী সত্ৰলৈ বৰি নিলে। হাটী সত্ৰ পোৱা মাত্ৰকে হাটীৰ কেৱলীয়া ভকতসকলে বুদৰাম মহন্তক বুঢ়া অধিকাৰ হৰিজয় দেৱৰ ওচৰত কমলি এখনি পাৰি দি বহিবলৈ কলে। বুদৰাম মহন্তই আথেবেথে গৈ গুৰু হৰিজয় দেৱৰ চৰণত আঠু লৈ সেৱা কৰিলে। বুঢ়া অধিকাৰে হৰ্ষমনে তেওঁক আশীৰ্ব্বাদ কৰিলে; আৰু কলে “বাপ, তোমাক দেখি আমি সন্তোষ পালোঁ। ভগৱন্তৰ কৃপাত মোৰ নশ্বৰ দেহা এৰিবৰ সময় হ'লহি। তোমাক এই হাটীসত্ৰৰ গৰাকী পাতিব মন কৰি মতাই আনিছোঁ। আমাৰ বিশ্বাস তুমি ভিন্ন আন কোনোৱে এই ভাৰ লোৱাৰ উপযুক্ত নহয়। তুমি এই ভাৰ গ্ৰহণ কৰি আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰা।” বুঢ়া অধিকাৰৰ কথা শুনি বুদৰাম মহন্তই কলে “কৃপালু গুৰু, আপোনাৰ আশীৰ্ব্বাদ আমাৰ মনত আদেশ বুলিহে মানিছোঁ। আপোনাৰ আদেশ আমাৰ শিৰোধাৰ্য্য।”
১৪। অধিকাৰৰ বাব।
এদিন দিনবাৰ চাই বুঢ়া অধিকাৰ হৰিজয়দেৱে হৰি কীৰ্ত্তন পাতিলে। গাওঁৰ সাধু, মহন্ত, ভকত সকলোকে নিমন্ত্ৰণ কৰিলে। কীৰ্ত্তন সম্বৰণ কৰা হল। সকলো