সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২৪)

সকলো খোল তাল কাঁহ বজাই শোভা যাত্ৰা কৰি বুদৰাম মহন্তক বৰি নিবলৈ অহাবুলি গুৰুৰ আদেশ জনালে। গুৰুৰ আদেশ মানি বুদৰাম মহন্ত হাটী সত্ৰলৈ যাবলৈ ওলাল।

 বৰ সত্ৰৰ অধিকাৰ হাটী সত্ৰলৈ যাব ওলোৱা শুনি বৰ সত্ৰৰ সাধু ভকত সকলোৱে মনত অসন্তোষ কৰিব ধৰিলে। আৰু সকলোৱে হাতযোৰ কৰি কবলৈ ধৰিলে “বাপ কৃপালু, গুৰু, আমাক অনাথ কৰি কলৈ যায়। আমাৰ বাপু ভকত সকলৰ গতি কি হব। আমাক উপায় দিয়ক।” ৰাইজৰ কথা শুনি বুদৰাম মহন্তই কলে “বাপুসকল, মনত একো বেজাৰ নকৰিব। গুৰুৰ আদেশতহে আমি তালৈ যাব ওলাইছোঁ। বৰ সত্ৰও আমাৰ হাটীসত্ৰও আমাৰ। আমাৰ দুয়োখন থানতে শলা- বন্তি জ্বলি থাকিব! সাধুসকলৰ ভিতৰত বয়োবৃদ্ধ জ্ঞান বুদ্ধজনেই বুঢ়া সাধু হব। তেওঁৰ কথামতে সকলোৱে চলিব। মনত একো বেজাৰ নকৰি হৰ্ষমনে আমাক বিদায় দিয়ক।” অধিকাৰৰ কথা শুনি সকলো বাপু ভকতে আঠু লৈ তেওঁক সেৱা কৰিলে আৰু তেৱোঁ সকলোকে আশীৰ্ব্বাদ কৰিলে। পিছে খোল তাল বজাই সকলোৱে শোভাযাত্ৰা কৰি বৰসত্ৰৰ অধিকাৰক