১৩। হাটী সত্ৰলৈ নিমন্ত্ৰণ।
বুদৰাম মহন্তই বৰ সত্ৰৰ মূৰব্বী হৈ সকলো কাৰ্য্য সুকলমে সমাধা কৰা দেখি গাওঁৰ সকলোৱে আচৰিত হৈছিল। তেওঁৰ যশ, তেওঁৰ গুণ, তেওঁৰ আচাৰ ব্যৱহাৰৰ কথা গাওঁৰ সকলোৰে মাজত জনা জাত হল। হাটী- সত্ৰৰ বুঢ়া অধিকাৰ হৰিজয়দেৱে তেওঁৰ গৌৰৱ আৰু কীৰ্ত্তি শুনি বৰ ৰং পাইছিল। এতিয়া তেওঁৰ মনৰ ধাৰণা ঠিক হল। বুদৰাম মহন্তই যে ভৱিষ্যতে হাটী সত্ৰৰ বুঢ়া অধিকাৰ হব পাৰিব এইটো তেওঁৰ বিশ্বাস হল। আজি কালিকৈ হৰিজয় বুঢ়া অধিকাৰ অথৰ হৈ পৰিল। তেওঁ বৰ্ত্তমান থাকোঁতে এজন সত্ৰৰ গৰাকী পাতি নললে সকলো অমূৰী হব। গতিকে বুদৰাম মহন্তকে গৰাকী পাতি সকলে৷ সোধাই দিয়াই ভাল।
এদিন নাম কীৰ্ত্তন কৰি বাপু ভকত সমন্বিতে হৰিজয় বুঢ়া অধিকাৰে শাস্ত্ৰ কথা পাতি আছে। এনেতে তেওঁৰ শৰীৰ অৱশ হোৱা যেন পালে। নিজৰ যেন শেষ অৱস্থা আহিছে এনে অনুমান কৰিলে। এনে অৱস্থা দেখি তেওঁ বুদৰাম মহন্তক বা সত্ৰৰপৰা নিমন্ত্ৰণ কৰি আনি- বলৈ কেইজনমান বিশিষ্ট ভকতক পাঁচিলে। ভকত