সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২১)

গাওঁত আহিল। তেওঁ প্ৰায়ে হাটী সত্ৰলৈ আহি বুঢ়া অধিকাৰৰ লগত ধৰ্ম্ম কথা পাতে। এদিন আবেলি বুদৰাম ডেকা অধিকাৰে জয়ৰাম মহন্তৰ লগত ভাজ ঘৰৰ কাষত বহি শাস্ত্ৰৰ কথা পাতে। বুঢ়া অধিকাৰে তেওঁলোকে আলাপ কৰা গম পালে। সন্ধ্যা হওঁতে জৰৰাম মহন্তই বুঢ়া অধিকাৰক সেৱা কৰি ঘৰলৈ গল। জৰৰাম মহন্ত যোৱাৰ পাহত বুঢ়া অধিকাৰে ডেকা অধি- কাৰক ওচৰলৈ মাতি আনি কলে, “বাপা, আজি তুমি আমাৰ আদেশ নোলোৱাকৈ জয়ৰাম মহন্তৰ লগত যি কথা বাৰ্ত্তা পাতিলা সেইটো শোভনীয় কথা হোৱা নাই। তোমাত আমি ভবিষ্যতে এই হাটী সত্ৰৰ গৰাকী পাতিম বুলি অনা হৈছিল। আজি তোমাৰ ব্যৱহাৰ দেখি আমি ভাল নাপালোঁ। সত্ৰৰ মালিকক নোসো- ধাকৈ সত্ৰ সম্বন্ধে আনৰ লগত আলচ কৰা উচিত নহয়। এনে ভাৱ হলে সত্ৰ আৰু গাওঁৰ মুৰব্বী হৈ কাম চলোৱা টান। ***** ওপৰত আমাৰ বিশ্বাস নোহোৱা হ'ল। গতিকে আজিৰ পৰা তোমাক আমাৰ সত্ৰত ৰাখিব পৰা নহব।” গুৰুৰ আদেশ শুনি ডেকা অধিকাৰে হাতযোৰ কৰি কলে, “বাপ, কৃপালু গুৰু আজিৰ বাবে আমাক ক্ষমা কৰক। আমাৰ দোষ হৈছে। চৰণত