সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২০)

হাটী সত্ৰৰ ডেকা অধিকাৰ। তেওঁ ডেকা অধিকাৰ হৈ হাটী সত্ৰৰ সকলো কাজ-কৰ্ম্ম চলাব ধৰিলে। সত্ৰৰ কেনেকৈ উন্নতি কৰিব, নাম ধৰ্ম্ম কেনেকৈ প্ৰচাৰ কৰিব আৰু আত্মাৰ কেনেকৈ সদ্গতি হব এই সকলো কথা বুদৰাম মহন্ত ডেকা অধিকাৰে ভাবিব ধৰিলে।

১২। হাটী সত্ৰৰ গৰাকীৰ বাবে পৰীক্ষা।

 হৰিজয় অধিকাৰদেৱে ডেকা অধিকাৰ বুদৰাম মহন্তৰ গাত সত্ৰৰ সকলো ভাৰ দি নিজে নিৰ্ভাৱনা হৈ নাম প্ৰসঙ্গ কৰিব ধৰিলে। চাওঁতে চাওঁতে হৰিজয় আতৈ ক্ৰমে অথৰ হৈ আহিল। এদিন তেওঁ ভাবিলে। মই বৰ বুঢ়া হলোঁ, অথৰ হলোঁ, মোৰ বৰ্ত্তমানতে সত্ৰখনৰ এজন গৰাকী পাতিব পাৰিলে ভাল হয়। মোৰ মনেৰে ডেকা অধিকাৰেই সত্ৰৰ গৰাকী হব পাৰিব। তেওঁৰ স্বভাৱ চৰিত্ৰও ভাল। ভকতীয়া কথাতো পাৰ্গত। সকলো পিনে উপযুক্ত। পিছে তেওঁ গাওঁখনৰ মুৰব্বী স্বৰূপ সত্ৰৰ গৰাকী হৈ সকলো চলাব পাৰে নে নোৱাৰে তাৰে এটি প্ৰমাণ চাব পাৰিলে ভাল হয়।

 বুঢ়া অধিকাৰে যেনে ভাবিলে তেনে এটি পৰীক্ষাৰ সুযোগ ঘটিল। জয়ৰাম মহন্ত বুলি এজন বিশিষ্ট মহন্ত