কৰিলে। এই ধৰ্ম্ম-পুথিবোৰ পঢ়ি তেওঁ মাজে সময়ে হাটী সত্ৰলৈ গৈ অধিকাৰ হৰিজয় মহন্তৰ লগত ধৰ্ম্ম কথাও পাতে।
৮। শৰণ।
বুদৰাম মহন্তই ডেকা কলিতে সকলো পুথি পঢ়ি আৰু সাধু সঙ্গৰ লগত কথা বাৰ্ত্তা পাতি বহু ধৰ্ম্ম কথা শিকিলে। কিবা কথা বুজি নাপালে হাটী সত্ৰলৈ আহি সংশয় ছেদ কৰে। হৰিজয় অধিকাৰৰ লগত ধৰ্ম্ম আলোচনা আৰু ভকতীয়া কথা পাতি বৰ আনন্দ পাই- ছিল। এদিন কথা পাতি থাকোঁতে থাকোঁতে তেওঁৰ চকুৰে পানী বব ধৰিলে। অধিকাৰ হৰিজয় মহন্তই বুদৰাম মহন্তৰ তেনে অৱস্থা দেখি সুধিলে। “বাপ, বুদৰাম তোমাৰ কি হৈছে?” বুদৰামে গদ গদ মাতেৰে কলে “বাপ, আমাৰ কি হৈছে কব নোৱাৰোঁ। মনৰ আনন্দত শৰীৰ ৰোমাঞ্চিত হৈছে। বাপ, কৃপা কৰি আমাক শৰণ ধৰ্ম্ম দিয়ক। আপুনি আমাৰ কৃপালু গুৰু।” এই বুলি বুদৰামে হৰিজয় মহন্তৰ চৰণত পৰি সেৱা কৰিলে। পাছদিনা ৰাতিপুৱা বাপু ভকত সকলৰ সাক্ষাতে বুদৰাম মহন্তই হৰিজয় মহন্তৰ ওচৰত শৰণ ধৰ্ম্ম লয়। শৰণ লোৱাৰ পৰা