খোল তাল বজাই, নাম-কীৰ্ত্তন কৰি বৰি আনিলে। গাওঁৰ সকলোৱে লগলাগি ঘিলা আমৰ তলত তেখেতক এখন সত্ৰ পাতি দিলে। বৰ্ত্তমান এই সত্ৰৰ নাম বৰ সত্ৰ এই বৰ সত্ৰতেই মুৰাৰী আতাই নাম প্ৰসঙ্গ কৰি ধৰ্ম্ম প্ৰচাৰ কৰিব ধৰিলে। এওঁ মুৰাৰী আতা গৃহস্থী। এওঁৰ বংশতেই আমাৰ বুঢ়া অধিকাৰ বুদৰাম মহন্তৰ জন্ম হয়।
৪। হাটী সত্ৰ
শুৱালকুছি গাওঁৰ নাম চাৰিওফালে জনাজাত হল। গাওঁৰ মাহাত্ম্য শুনি গাওঁখন চাবলৈ আন আন ঠাইৰ পৰা মানুহ অহা-যোৱা কৰিব ধৰিলে। অশোকাষ্টমীৰ সময়ততো কথাই নাই আন সময়তো দুই চাৰি জনকৈ মানুহ আহিব ধৰিলে। নলন্দা গাওঁৰ কানুবুঢ়া ঠাকুৰ বুলি এজন সাধুলোকেও এবাৰ শুৱালকুছি গাওঁলৈ আহে। শুৱালকুছিৰ মনোমোহা দৃশ্য আক সমাজৰ নিয়ম কাৰণ আৰু নাম প্ৰসঙ্গৰ প্ৰভাৱ দেখি কানুবুঢ়া ঠাকুৰ মুগ্ধ হল। অৱশেষত শুৱালকুছি গাওঁতে নাম ধৰ্ম্ম লৈ জীৱনৰ শেষ দিন কটাবলৈ স্থিৰ কৰিলে। গাওঁৰ মানুহ বিলাকেও তেওঁৰ মনৰ ভাব বুজিব পাৰি তেওঁক নাম