সমললৈ যাওক

পৃষ্ঠা:সাধু বুদৰাম মহন্ত.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪)

 ৰামচৰণ ঠাকুৰআতা— এওঁলোক নগাওঁৰ মানুহ। বেহা- বেপাৰ কৰি দিন নিয়াইছিল। ঠাকুৰআতাই সুন্দৰীদিয়াত মহাপুৰুষ মাধবদেৱৰ ওচৰত শৰণ ভজন ধৰ্ম্ম লয়। এওঁলোকৰ প্ৰধান সত্ৰ সুন্দৰীদিয়াৰ ওচৰৰ বাম্না গাওঁত আছে।

 এই চাৰিঘৰ মহন্তৰ বংশধৰ সকলে সেই দিনৰ পৰা আজি লৈ শৰণ ভজন নাম ধৰ্ম্ম বিলাই মহাপুৰুষীয়া ধৰ্ম্মৰ প্ৰচাৰ কাৰ্য্য চলাই আহিছে।

 পঢ়িয়া মাধৱ আতৈ গৃহস্থী আহিল। মূৰাৰী আতা, গোপাল আতা, ভোলাই আতা, আৰু ত্ৰিপুৰাৰী আতা এই চাৰ্জিন তেওঁৰ পুত্ৰ। এওঁ পঢ়িয়া মাধৱেই আমাৰ ক্ষণজন্ম, পবন সাধু বুদৰাম মহন্ত দেৱৰ আদি পুৰুষ। বৰ্ত্তমান শুৱালকুছি গাওঁৰ সাধু মহন্তসকলৰ ভিতৰত কেই ঘৰমান মহন্ত এওঁ পঢ়িয়া মাধৱৰে বংশধৰ। লক্ষ্মীকান্ত আতৈৰ বংশৰো দুই চাৰি ঘৰ মহন্ত শুৱালকুচিত বৰ্ত্তমান আছে।

২। শুৱালকুছি গাওঁ।

 শুৱালকুছি গাওঁ কামৰূপ জিলাত। গাওঁখনৰ যেনে নাম গাওঁখন তেনে শুৱনি আক ধুনীয়া। ইয়াৰ প্ৰাকৃতিক দৃশ্য