পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সাধু কথাৰ জোলোঙা।

নোৱাৰে। কিন্তু এই শোৱা-খোৱাৰ ঠিকনা নথকা মাইকী মানুহজনীয়ে চকুৰ আগতে চাই থাকোঁতে থাকোঁতে লৰাও পালে উটৰ ওপৰত উঠি আকৌ গুচিও গল!! আমাৰ তিৰোতাবিলাক আৰু এই মাইকী মানুহজনীৰ ভিতৰত অৱস্থাৰ ইমান পাৰ্থক্য ঘটিল কেনেকৈ?

 মন্ত্ৰী—“মহাৰাজ, আমাৰ তিৰোতাবিলাক সুখীয়া। কথাতে কয় বোলে— ‘সুখীয়াৰ নাৰী, ফুটে ধান সুঙে, মৰে আতাহ পাৰি।’ সেই দেখি সিহঁতৰ অৱস্থা তেনে। এই মানুহজনীক অৱস্থাৰ তিৰোতাবিলাক কিন্তু বৰ পৰিশ্ৰমী। ইহঁতে ক্ষন্তেকলৈকো এলেহুৱা হই থাকিবলৈ নেপায়। সেইবাবে ইহঁতৰ স্বাস্থ্য ইমান ভাল।”

 আমীৰ—“ঠিক কথা! আমাৰ তিৰোতাবিলাককো পৰিশ্ৰমী কৰা উচিত। মই কালিৰ পৰা মোৰ ঘৰৰ সকলো চাকৰ চাকৰণী গুচাই দিম। আৰু আঁতৰ গোলাপ লোৱা একেবাৰে বন্ধ কৰি দিম। আমি আমাৰ তিৰোতা- বিলাকক সুখীয়া কৰাত বৰ বেয়া হইছে।”

 আমীৰ মহোদয়ৰ যেনে কথা তেনে কাম। তেখেতে ঘৰ পাই পাছদিনাখনৰ পৰা নিজ অন্তঃপুৰৰ সকলো চাকৰ চাকৰণীক বিদায় দিলে আৰু ৰাণী, ৰাজকুৱঁৰী সকলোকে নিজৰ কাম নিজে কৰি লবলৈ হুকুম কৰিলে। পাত্ৰ মিত্ৰ সকলেও ৰজাৰ অনুকৰণ কৰি নিজ নিজ ঘৰৰ চাকৰ চাকৰণীবিলাকক বিদায় দিলে। অন্দৰমহলবিলাকত হুলস্থূল