পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কাবুলী সাধু।

যতে ৰাতি হয় তাতে উটৰ পিঠিৰ পৰা সৰু সৰু তাম্বু নমাই তাক খটাই, তাৰ ভিতৰত বা মুকলি ঠাইতে ৰাতিটো কটায়।

 ঘটনাক্ৰমে এই মানুহ জাকৰ লগে লগে ভালেমান দূৰলৈকে আমীৰ মহোদয় একেটা বাটেদি যাব লগিয়াত পৰিছিল। এইদৰে গই থাকোতে থাকোঁতে তেখেতে দেখিবলৈ পালে যে মানুহ জাকৰ ভিতৰৰ গা-ভাৰী মানুহ এজনীৰ হঠাৎ প্ৰসৱ বেদনা উপস্থিত হল। আৰু তাইক ততালিকে উটৰ পিঠিৰ পৰা নমাই, এজোপা গছৰ তলত বহুৱাই কাপোৰেৰে আঁৰ তৰি দিয়া হল। মাইকী মানুহজনীয়ে তাতে লৰা পালে আৰু অলপ সময়ৰ পাছত লৰাই সৈতে আকৌ উটৰ পিঠিত উঠি জাকৰ মানুহৰ লগত পূৰ্ব্বৰ দৰে যাবলৈ ধৰিলে।

 আমীৰ মহোদয় তধা লাগি ৰল! তেওঁ লগত লই যোৱা ছদ্মবেশী মন্ত্ৰীজনক কলে— “মন্ত্ৰি, দেখিলানে? কি আচৰিত কথা! আমাৰ আন্তঃপুৰৰ তিৰোতাবিলাকৰ গা-ভাৰী হলে, সিহঁতক কত যত্ন কৰা হয়। কেনেবাকৈ অসুখ হবৰ ভয়ত ৰদ বা বৰষুণত বাহিৰ হবলৈ দিয়া নেযায়। সদাই আঁতৰ গোলাপেৰে তেনেই বুৰাই থোৱা হয়। তেও সিহঁতৰ দিনে ৰাতিয়ে একোটা অসুখ লাগিয়েই থাকে। লৰা পালে তো কথাই নাই! কত কি জাল খুৱাব লাগে৷ ইমান যত্ন কৰা হয় তেও কেবামাহলৈকে গা টঙাবই