পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সাধু কথাৰ জোলোঙা

জুই যোৱা নাছিল। বুঢ়াই ক্ষন্তেকলৈ চং দি যি ৰঙ পাইছিল, পুতেকহঁতৰ শ্ৰদ্ধা ভক্তি জনমলৈকে হেৰুৱাই তাৰ সহস্ৰ যোখ অনুতাপ কৰিব লগাত পৰিছিল৷ বুঢ়াই অৱশ্যে এইবাৰৰ পৰা চং দিয়া অভ্যাস সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিছিল।

⸺⸺

কাবুলী সাধু।

 কাবুল এখন মছলমান ৰাজ্য। ইয়াৰ ৰজাক “আমীৰ” বোলে।

 এসময়ত এজন বৰ মৰমীয়াল প্ৰজাহিতৈষী “আমীৰে” কাবুলত ৰাজত্ব কৰিছিল। তেওঁ প্ৰজাৰ অৱস্থা নিজ- চকুৰে চাই বুজিবৰ নিমিত্তে, কেতিয়াবা কেতিয়াবা অচিনাকী ভাৱেৰে ৰাজ্যৰ ভিতৰত ফুৰাচকা কৰিছিল। এবাৰ তেওঁ এইদৰে ভেখ্‌চন্‌কৈ ফুৰোঁতে এজাক “নোমেড্‌” জাতীয় মানুহ লগ পালে। এই জাতীয় মানুহৰ কোনো নিৰ্দিষ্ট ঘৰ বাৰী নেথাকে। ইহঁতে উট পোহে আৰু লৰাই দামৰীয়ে বস্তুৱে বাহনীয়ে উটৰ ওপৰত উঠি দেশে দেশে ফুৰি ফুৰে। ইহঁতে সামান্য সামান্য বস্তুৰ বেহা কৰি আৰু নানা প্ৰকাৰ ফাঁকিফুকা কৰি পেট মোকোলায়।