পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বুঢ়া বাপেকে নেগুৰ পিন্ধি নচা।

 এই দৰে আলচি বিলচি সিহঁত ৰথৰ ওচৰ পাওঁ পাওঁ হলহি৷ কাৰণ সিহঁতৰ ঘৰলৈ যোৱা আলিৰ দাতিত ৰথৰ ঠাই। দূৰৈৰে পৰা সিহঁতে দেখিলে আজিও কোনোবাই হনুমানৰ চং দিছে। সিহঁতে ভাবিলে অজি বাপেক নহাত তেওঁৰ সলনি অইন কোনোবাই হনুমান হইছে হব পায়। কিন্তু ওচৰ চাপিলত সিহঁতে সাজটো তৎক্ষণাৎ চিনি পালে আৰু অবাক হল। কিন্তু অইন কোনোবাই চং দিবলৈ সাজটো ধাৰ লৈ আনিছে বুলি ভাবি নিশ্চিন্ত হই আগবাঢ়িবলৈ ধৰিলে। ওচৰ চাপি কিন্তু যি দেখিলে তাত সিহঁত লাজত মৰা যেন হল। কি আচৰিত! সিহঁতৰ বাপেকেই চং দিছে হয়!! লৰাবিলাকৰ কোনোটোৱে বুঢ়াৰ নেগুৰ টানিছে! কোনোটোয়ে তেওঁৰ গালৈ দলি মাৰিছে! সকলোৱে বুঢ়াৰ ভাওত পাৰেমানে চিঞৰিছে আৰু হাঁহিছে!! বুঢ়াই তাই উৎসাহিত হই আৰু দেওদি দেওদি নানা প্ৰকাৰ ভেকচালি দেখুৱাইছে! পুতেক কিটাক দেখি জুমৰ মানুহবিলাকে আৰু হাঁহিবলৈ ধৰিলে। সিহঁতে সেই ফাললৈ চকু নিদি লৰালৰিকৈ ঘৰৰ ফাললৈ বেগ দিলে। সিহঁতে ঘৰ পাই সকলো বৃত্তান্ত শুনি কপাল খুন্দিয়াই খুন্দিয়াই বেজাৰ কৰিবলৈ ধৰিলে।

 পুতেক কিটা সচাকৈয়ে দেশত্যাগী হইছিল নে নাই হোৱা কব নোৱাৰোঁ। কিন্তু এইষাৰ কথা কব পাৰোঁ যে,

ভালেমান দিনলৈকে সেই ঘৰ মানুহৰ ভাতৰ চৰুৰ তললৈ