পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সাধু কথাৰ জোলোঙা।

বুলি কই সাউৎ কৰে চোতাললৈ ওলাই গল। বুঢ়াক চোতাললৈ ওলাই যোৱা দেখি বোৱাৰীয়েকহঁতে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে আৰু সাজটো উলোটাই দিবলৈ কলে। কিন্তু বুঢ়াই চোতালত কেইটামান জাপ মাৰিয়েই “এতিয়াই আহিমগৈ” বুলি একে চাতেই ৰথৰ ফাললৈ লৰ মাৰিলে। বুঢ়ী আৰু বোৱাৰীয়েকহঁতে বুঢ়াক সাজটো পিন্ধিবলৈ দিয়াৰ ভুল বুজিব পাৰি পৰস্পৰ কোঢ়াল কৰিবলৈ ধৰিলে। আৰু বুঢ়াক কোনোমতে উলোটাই অনিবৰ নিমিত্তে মানুহ পঠিয়াই দিলে।

 বুঢ়াই কিন্তু ৰথৰ ঠাইত উপস্থিত হই পুতেকহঁতৰ কথা সম্পূৰ্ণৰূপে পাহৰি গল। তেওঁ আন আন বছৰৰ দৰে ভাও দেখুৱাবলৈ ধৰিলে। গাঁওৰ ডেকা-বুঢ়া-লৰা সকলোৱে বুঢ়াক পাই, আগৰ দৰে নানা চুপটি কৰি, হাত চাপৰি বাই হাঁহিবলৈ ধৰিলে। বুঢ়াক কোনেও উলোটাই আনিব নোৱাৰিলে।

 ক্ৰমে গধূলি হল। তিনোটা পুতেক কামৰ পৰা উভতি আহিছে। সিহঁতে আলচি আহিছে “এইবাৰ সাজটো লুকুৱাই থই আমি বৰ ভাল কৰিলোঁ। সাজটো নেপালে বুঢ়াই কেতিয়াও চং ওলাব নোৱাৰে। চং দিবলৈ নেপাই পিতাই চাকৈ আজি বেজাৰ মনেৰে বহি আছে। আমি আজি নানা প্ৰকাৰে তেওঁৰ মন ভাল লগাবলৈ চেষ্টা কৰিব লাগিব।”