পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
বুঢ়া বাপেকে নেঙৰ পিন্ধি নচা।

একে লৰে “ন-বোৱাৰীৰ’’ ওচৰ পালেগৈ। আৰু সাজটো উলিয়াই দিবলৈ “ন-বোৱাৰীক” নানা প্ৰকাৰে ফুচুলাবলৈ ধৰিলে;— “আয় মোৰ, সোনা মোৰ, পোহঁত নিমৰমীয়াল হল বুলি, তোহোঁতেও নিমৰমীয়াল হব পাৱনে? মইনো আৰু কেইটা দিন জীয়াই থাকিব খুইছোঁ হোঁ?” ইত্যাদি ইত্যাদি। বোৱাৰীয়েকে গিৰিয়েকৰ ভয়ত সাজটো দিবলৈ কোনোমতে মান্তি নোহোৱাত বুঢ়াই কলে, “বাৰু, সাজটো মোক দিব নেলাগে। কিন্তু দূৰৈৰ পৰা মোক এবাৰ দেখুৱা। তেনে হলেই হব। কোনো মতে বছেৰেকৰ নিয়মটো ৰলেই হল।” বোৱাৰীয়েকে বুঢ়াৰ কথা এৰাব নোৱাৰি আৰু বুঢ়াৰ কথাত পতিয়ন গই সাজটো উলিয়াই আনি দূৰৈৰ পৰা বুঢ়াক দেখুৱাবলৈ ধৰিলে। সাজটো দেখি বুঢ়াৰ গাত তৰণী নোহোৱা হল। কাবৌ কাকুতি কৰি “অলপ ছুই চাওঁ” বুলি সাজটো বোৱাৰীয়েকৰ হাতৰ পৰা ললে আৰু নিজৰ হাতলৈ অহা মাত্ৰকে “অলপ পিন্ধি চাওঁ” বুলি তাক পিন্ধিবলৈ ধৰিলে। বোৱাৰীয়েকে বৰকৈ ওজৰ কৰাত কলে, “মই সাজটো পিন্ধি বাহিবলৈ নেযাওঁ। বাহিৰলৈ গলেহে পোহঁতৰ লাজ। মই ঘৰৰ ভিতৰতে কেইটামান জাপ মাৰি সাজটো আকৌ সোলোকাই থই দিম।” সাজটো পিন্ধা হলত বুঢ়াই ঘৰৰ ভিতৰতে কেইটামান জাপ মাৰিলে। তাৰ পাছত “ঘৰৰ ভিতৰত ঠাই নিচেই ঠেক, চোতালত কেইটামান জাপ মাৰি লওঁ”