পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সাধু কথাৰ জোলােঙা।

চাবি মাৰি থই, চাবি “ন-বোৱাৰীৰ’’ হাতত জমা দিলে আৰু বুঢ়াই কেনেবাকৈ সাজৰ বিচাৰ ললে “কব নোৱাৰোঁ” বুলি কবলৈ ঘৰৰ সকলোকে কই থলে।

 ক্ৰমে ৰথযাত্ৰা আহি পালেহি। ঢোলৰ ধুমধুমনিত, লৰাৰ কোঢ়ালত কানত খলক লগা হল। বুঢ়াৰ গাত তত্ নোহোৱা হল! পুতেকহঁত ৰাতিপুৱাই কামলৈ গইছিল “সিহঁতে গধূলি গধূলিহে আহি ঘব পাবহি। এই চেগতে মই সাজটো পিন্ধি দুটামান দেওদি আহি নিয়ম ৰক্ষা কৰি থলেনো কোনে জানিব খুইছে? সিহঁতে কামৰ পৰা আহি পায়হিমানে মই ঘূৰি আহিমেই” ইত্যাদি চিন্তা বুঢ়াৰ মনত খেলাবলৈ ধৰিলে! বুঢ়া থিৰেৰে থাকিব নোৱাৰা হল! একে জাপে বুঢ়ীৰ ওচৰ পালেগৈ। বুঢ়ীক সুধিলে “ও বুৰী, ও বুৰী, সাউৎ কৰে সাজটো উলিয়াই দেছোন। মই দেও দুটামান মাৰি থই আহি নিয়ম ৰক্ষা কৰি থওঁ”। বুঢ়ীয়ে সাজটোৰ কথা ‘কব নোৱাৰোঁ’ বুলি কোৱাত বুঢ়াই বুঢ়ীৰ ওপৰত মহা তৰ্জ্জন গৰ্জ্জন কৰিবলৈ ধৰিলে। আৰু বুঢ়ীৰ পৰা চাবি লই নিজে পেৰা মেলি চাই যেতিয়া সাজটো তাত নেপালে, তেতিয়া বুঢ়া বলিয়া যেন হল। বুঢ়ীক তৎক্ষণাৎ সাজ কত আছে উলিয়াই দিবলৈ কলে, নহলে ‘নাদত পৰি মৰিমগৈ’ বুলি নিজৰ চুলি নিজে চিঙিবলৈ ধৰিলে। বুঢ়ীয়ে ততমত, নেপাই সকলো কথা ভাঙি কই পেলালে। বুঢ়াই সাজৰ খবৰ পোৱা মাত্ৰকে