পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
বুঢ়া বাপেকে নেওৰ পিন্ধি নচা।

লাগে। আপুনি আমাৰ নিমিত্তে অলপ ত্যাগস্বীকাৰ কৰি ৰথযাত্ৰাত চং ওলোৱা বন্ধ কৰক। ধৰ্ম্ম উপাৰ্জ্জনৰ আন বহুত বাট আছে। আপুনি সেইবিলাক সজ বাটৰ অনুসৰণ কৰক। আমি কায়মনোবাক্যে : আপোনাৰ সহায়তা কৰি নিজক কৃতাৰ্থবোধ কৰিম। আপুনি যদি আমাৰ ইমান নিৰ্ব্বন্ধতো চং দিবলৈ নেৰে, তেনেহলে আমি এই দেশ এৰি দূৰৈ বিদেশত কাম লমগৈ। আপুনি আমাক দেখা নেপাব। আপোনাক আমি পোহপাল দিম কিন্তু আমাৰ ভক্তিশ্ৰদ্ধা আপুনি আৰু নেপাব।” ইত্যাদি।

 বুঢ়াই “আৰু চং নোলাওঁ বাৰু” বুলি মুখেৰে স্বীকাৰ কৰিলে কিন্তু পেটে পেটে “বছেৰেকৰ মুৰৰ চংটো নিদিয়াকৈ নো কেনেকৈ বাৰু?” বুলি সময়ত চং ওলাবলৈ ঠিক কৰি থলে!

 ৰথযাত্ৰাৰ দিন ওচৰ চাপিল। বুঢ়াৰ এটা নেগুৰ লগোৱা হনুমানৰ সাজ আছিল। বুঢ়াই কেবাবাৰো মুখেৰে ‘চং নোলাওঁ” বুলি কইও কাৰ্য্যত চং ওলোৱা প্ৰমাণ পুতেকইতে ইতিপূৰ্ব্বে হাতে হাতে পাই থইছিল। সেই দেখি সিহঁতে এইবাৰ বুঢ়াৰ কথাত সম্পূৰ্ণৰূপে পতিয়ন নগৈ সাজটো ভালকৈ লুকুৱাই থবৰ দিহা কৰিলে। সাজটো সদাই বুঢ়ীৰ পেৰাত থাকে; পুতেকহঁতে এইবাৰ সাজটো বুঢ়ীৰ হাতৰ পৰা লই, অন এটা পেৰাত ভালকৈ