পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সাধু কথাৰ জোলোঙা।

তেনে নকৰিবলৈ তেওঁক বহুত কাকুতি কৰিলে। কিন্তু পুতেকহঁতৰ সকলো কথা নিষ্ফল হইছিল। কাৰণ তেতিয়া বুঢ়াই পুতেকহঁতব কথাক কথা যেন বুলি নেভাবিছিল। কাজেই পুতেকহঁতে তেতিয়া লগৰীয়াবিলাকৰ নানা উপহাস সহি কোনো মতে দিন নিয়াব লগাত পৰিছিল।

 কিন্তু এতিয়া সিহঁতে পঢ়ি শুনি উঠি ধন ঘটি গোটেইটো পৰিয়ালকে পতিপাল দিছে। কাজেই বাপেক এতিয়া সিহঁতৰ হাতৰ মুঠিলৈ আহিছে। কাজেই এতিয়া সিহঁতে বাপেকৰ বলিয়ামি গুচাবৰ নিমিত্তে নানা চেষ্টা কবিবলৈ ধৰিলে। বুঢ়াই কিন্তু বান্দৰ হই নাচিবলৈ নেৰিলে। পুতেকহঁতে ইয়াত বৰ লাজ পাই বুঢ়াই চং দিয়া বন্ধ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হল আৰু নানা প্ৰকাৰে তেওঁক বুজাই কলে—

 “পিতা, আপুনি ভাল পায় দেখি বা পুণ্য হব বুলি ভাবি ৰথযাত্ৰাত হনুমানৰ চং দিয়ে। আমি কিন্তু আপোনাৰ এই কাৰ্য্য দ্বাৰা সমাজত বৰ লঘূ পৰোঁ। পিতৃ মাতৃৰ প্ৰতি পো-জীৰ বৰ ডাঙৰ কৰ্ত্তব্য আছে হয়, কিন্তু উপযুক্ত পো-জীৰ প্ৰতি যে পিতৃ মাতৃৰ একো কৰ্ত্তব্য নাই তেনে নহয়। আপোনাৰ মনত বেজাৰ লাগিবৰ ভয়ত কৰিবৰ মন গলেও ভালেমান কাম আমি নকৰাকৈ থাকোঁ৷ আপুনি এই দৰে চং ওলালে আমাৰ মনত বৰ বেজাৰ