পৃষ্ঠা:সাধু কথাৰ জোলোঙা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুঢ়া বাপেকে নেগুৰ পিন্ধি নচা।

 এজন বুঢ়াৰ তিনটা পুতেক আছিল। পুতেক কিটা সচ্চৰিত্ৰ, পৰিশ্ৰমী আৰু বুদ্ধিমান লৰা আছিল। সিহঁতে নানা অসুবিধা ভোগ কৰিও বুদ্ধি আৰু পৰিশ্ৰমৰ বলত ভাল লেখা পঢ়া শিকি কালত ডাঙৰ ডাঙৰ কামত সোমাই বিয়া-বাৰু কৰাই সুখে বাস কৰিবলৈ ধৰিলে। এটা কথাৰ পৰা কিন্তু সিহঁতৰ মনত বৰ বেজাৰ। সেইটো কথা এই :—

 ৰথযাত্ৰাত বছৰি হনুমানৰ চং দিয়া লৰাকালৰে পৰা বাপেকৰ অভ্যাস আছিল। অৰ্থাৎ ৰথযাত্ৰাত তেওঁ হনুমানৰ সাজ এটা পিন্ধি, পাছ ফালে বৰ দীঘল নেগুৰ এদাল লগাই লই বান্দৰ হই, লম্ফঝম্ফ কৰি, নানা ভেক্‌চালি কৰি দেখুৱায় আৰু দেশৰ বুঢ়া-ডেকা-কেচুৱা সকলোৱে বুঢ়াৰ নেগুৰ টানি, গালৈ ধূলি বালি চেতিয়াই, তেওঁক জোকায় আৰু তেওঁ দেও দিবলৈ ধৰিলে সিহঁতে হাত চাপৰি বাই পাৰেমানে হাঁহে।

 পুতেকহঁত লৰা হই থকাকালত বুঢ়াই এনে কাত কোনেও আপত্তি কৰা নাছিল। কিন্তু সিহঁত ডেকা হলত বাপেকৰ এই কাণ্ডত সিহঁতে লাজ পাবলৈ ধৰিলে আৰু